ETV Bharat / city

প্ৰশাসনে বন্ধ কৰিলে যোৰহাটৰ মনিৰাম দেৱান পথ - পথ বন্ধ

বিগত ৫ দিন ধৰি যোৰহাট জিলা প্ৰশাসনে বন্ধ ৰাখিছে যোৰহাটৰ মিঠাপুখুৰী পথৰ সৈতে সংযোগ কৰা মনিৰাম দেৱান পথ ৷ ওচৰতে থকা যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ অন্তৰ্কন্দলৰ বাবেই এনেদৰে পথটোও বন্ধ কৰি ৰখাত সমস্যাৰ সন্মুখীন হৈছে স্কুলৰ ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজ ৷

প্ৰশাসনে বন্ধ কৰিলে যোৰহাটৰ মনিৰাম দেৱান পথ
author img

By

Published : Jun 11, 2019, 1:14 PM IST

যোৰহাট,11 জুন : যোৰহাট চহৰৰ গুৰুত্বপূৰ্ণ পথ সমূহৰ ভিতৰত অন্যতম মিঠাপুখুৰী পথৰ সৈতে সংযোগ কৰা মনিৰাম দেৱান পথটোৰ কিছু অংশ বিগত ৫ দিন ধৰি বন্ধ হৈ আছে ৷ পথটোৰ কাষতে থকা শক্তিশালী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ আভ্যন্তৰীণ কন্দলৰ বাবে যোৱা ৭ জুন তাৰিখৰ দিনা জিলা প্ৰশাসনে তলা লগাই দিছিল ৷ জানিব পৰা মতে, এই সংগঠনটোত দুটাকৈ ফৈদ সৃষ্টি হোৱাত যোৰহাট জিলা প্ৰশাসনে কাৰ্যালয়টো বন্ধ কৰি দিবলৈ বাধ্য হয় ৷ এই দুয়ো ফৈদৰ মাজৰ অন্তৰ্কন্দলৰ ফলত আদালতত গোচৰ চলি থকাৰো তথ্য লাভ কৰা হৈছে ৷

প্ৰশাসনে বন্ধ কৰিলে যোৰহাটৰ মনিৰাম দেৱান পথ

কিন্তু, এনেদৰে ৫ দিন ধৰি পথটোৰ মূল সংযোগস্থলীত বাঁহৰ ভেটি দি ৰখাৰ বাবে জনসাধাৰণে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ সম্পূৰ্ণৰূপে বাঁহেৰে ভেটি দিয়াৰ ফলত তিনিখনকৈ চৰকাৰী বিদ্যালয়লৈ অহা-যোৱা কৰাটো কষ্টৰ সন্মুখীন হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷ আনহাতে,কাৰ্যালয়টোৰ অহৰহ নিৰীক্ষণৰ দায়িত্বত ৰখা হৈছে আৰক্ষী ৷ কিন্তু মনিৰাম দেৱান পথটো মুকলি কৰি নিদিয়াৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷

জাতীয় সংগঠনৰ বাবেই ভোগ কৰিছে জনসাধাৰণে।।
কাৰ ভয়ত পথ বন্ধ ৰাখিছে প্ৰশাসনে‌।।

একমাত্ৰ জাতীয় সংগঠনৰ আভ্যন্তৰীণ কন্দলৰ বাবেই এতিয়া ফল ভোগ কৰিব লগিয়া হৈছে সাধাৰণ জনতাই।গূৰুত্বপূৰ্ণ পথ বন্ধৰ ফলত সমস্যাৰ সৃষ্টি হৈছে জনতাৰ।কাৰ ভয়ত প্ৰশাসনে বন্ধ কৰি ৰাখিছে পথটো।যোৰহাট জিলাৰ চহৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ সমূহৰ ভিতৰত মিঠাপুখুৰী পথৰ সৈতে সংযোগ কৰা মনিৰাম দেৱান পথটো।বিগত ৫ দিন ধৰি বন্ধ এই পথটোৰ এটা অংশ।কাৰন পথটোৰ কাষতেই আছে একালৰ শক্তিশালী যূৱ ছাত্র পৰিষদৰ কায্যলয়টো।সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ আভ্যন্তৰীণ কন্দলৰ বাবেই যোৱা ৭ জুন তাৰিখৰ দিনা জিলা প্ৰশাসনে তলা মাৰি বন্ধ কৰি দিছিল।ইতিমধ্যে কায্যলয়টো সম্পূৰ্ণ ৰূপত বাহৰে ভেটি বন্ধ কৰি থোৱা আছে।যোৰহাট জিলা সমিতি খনত পৰিষদৰ দুটাকৈ ফৈদ সৃষ্টি হৈ আইন শৃংখলা অৱনতি ঘটাৰ সংকাত যোৰহাট জিলা প্ৰশাসনে বন্ধ কৰিবলৈ বাধ্য হৈ পৰিল যাৰ ফলত আজিও কায্যলয় টো বন্ধ অৱস্থাত আছে।আনহাতে পৰিষদৰ দূয়োটা ফৈদে বিপক্ষে বিৰুদ্ধে আদালত গোছৰ ও চলি আছে।কিন্তু জিলা প্ৰশাসনে কায্যলয় বন্ধ কৰি গূৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে যদিও বিগত ৫ দিন ধৰি পথটোৰ মূল সংযোগ স্হলীত বাহৰ যান-বাহন আদি চলাচল কৰাৰ নিষেধাজ্ঞা বাহাল ৰখাৰ ফলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।বিশেষকৈ এই পথটোৰে তিনি খনকৈ চৰকাৰী বিদ্যালয়লৈ অহা-যোৱা কৰিব লাগে।কিন্তু প্ৰশাসনে কাৰ ভয়ত এইদৰে পথটো বন্ধ ৰাখিছে ইয়াকলৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে।আনহাতে কায্যলয়টোত অহৰহ আৰক্ষীয়ে নিৰীক্ষণ কৰিৰ লগতে পহৰাৰ বেৱস্হাও কৰিছে।

এতিয়া প্ৰশ্ন হয় জিলা প্ৰশাসনে কিয় পথটো বন্ধ ৰাখিছে।ইতিমধ্যে কায্যলয়টো ছিল কৰি দিয়া হৈছে।তেনেস্হলত পথটো জনতাৰ বাবেই মুকলি কৰি নিদিয়াৰ বাবেই সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ জনতা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.