ETV Bharat / city

জলসম্পদ বিভাগৰ গাঁফিলতিৰ ফলত মথাউৰিলৈ অহিছে ভাবুকি - টীয়কৰ এজাৰগুৰি অঞ্চলৰ নৈপৰীয়া ৰাইজ

জাঁজী নদীৰ বছৰৰ প্ৰথমটো বাঢ়নী পানীৰ ফলত শংকাৰ মাজত ৰাতি কটাইছে এজাৰগুৰিবাসী ৰাইজে । টীয়কৰ এজাৰগুৰি অঞ্চলৰ জাঁজী নৈপৰীয়া ৰাইজে নিজেই বান্ধিলে মথাউৰিৰ পাৰ ৷

জলসম্পদ বিভাগৰ গাঁফিলতিৰ ফলত মথাউৰিলৈ অহিছে ভাবুকি

author img

By

Published : Jun 19, 2020, 1:24 AM IST

টীয়ক, 18 জুন : জলসম্পদ বিভাগৰ গাফিলতিৰ ফলত মথাউৰিলৈ অহিছে ভাবুকি ৷ টীয়কৰ এজাৰগুৰি অঞ্চলৰ নৈপৰীয়া ৰাইজ এতিয়া শংকিত হৈ পৰিছে মথাউৰিৰ ফলত ৷ জাঁজী নদীৰ বছৰৰ প্ৰথমটো বাঢ়নী পানীৰ ফলত শংকাৰ মাজত এতিয়া এজাৰগুৰিবাসী ৰাইজ । মথাউৰিটোলৈ অহা অশনি সংকেতৰ বাবে প্ৰথমটো বাঢ়নী পানীতে শতাধিক নৈপৰীয়া ৰাইজ ওলাই আহি ক্ষোভ ব্যক্ত কৰিছে ৷

জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে এচাম অসাধু ব্যৱসায়ীয়ে খৰালি ট্ৰাক, ট্ৰিপাৰ চলাই মথাউৰিটো বিধ্বস্ত কৰিছে বুলিও অভিযোগ তুলিছে ৰাইজে । অভিযোগ মতে, জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলে দিনৰ ভাগত বিধ্বস্ত মথাউৰিৰ ওচৰলৈ আহি মেৰামতি কৰাৰ আশ্বাস দিছিল যদিও বিভাগীয় দায়িত্বত থকা কৰ্মচাৰীসকল উক্ত স্থানৰ পৰা পলায়ন কৰা বুলিহে ভুক্তভোগী ৰাইজে মন্তব্য কৰিছে ।

জলসম্পদ বিভাগৰ গাঁফিলতিৰ ফলত মথাউৰিলৈ অহিছে ভাবুকি

খৰালি সময়ত জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰি কেৱল দুই-তিনি গাড়ী মাটি পেলাই দায়িত্ব সামৰি নৈপৰীয়া কৃষিজীৱী লোকসকলৰ জীৱন আৰু সম্পত্তিক লৈ হেতালি খেলাৰো গুৰুতৰ অভিযোগ ব্যক্ত কৰিছে ৰাইজে । টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত টীয়ক নগৰকে আদি কৰি প্ৰায় পঞ্চাশখন গাঁৱৰ কৃষিকেই জীৱিকা হিচাপে লৈ জীৱন নিৰ্বাহ কৰা জনসাধাৰণে ধান খেতি আৰম্ভ কৰাৰ প্ৰাকমূহুতত এইদৰে জাঁজী নদীৰ মথাউৰীয়ে ভাবুকি সৃষ্টি কৰাত শংকিত হৈ পৰিছে নৈপৰীয়াবাসী ৰাইজ । জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ বহুকেইটা স্থানত শীঘ্ৰেই মথাউৰিসমূহ মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও, টীয়কৰ জাঁজী নৈৰ মথাউৰিটো মেৰামতিৰ নামত চূড়ান্তৰূপে বিফল হৈছে ৷

লগতে পঢ়কঃ ঘোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ ধেমাজিৰ ৰেঞ্জাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.