ETV Bharat / city

মালৌপথাৰৰ বাবে ভোগদৈ এতিয়া আশীৰ্বাদ নহয়, অভিশাপ

author img

By

Published : Jun 10, 2019, 1:27 PM IST

ভোগদৈ নৈৰ মথাউৰি ভাগি যোৱাত সংহাৰী ৰূপ ধাৰণ কৰিছে বৃহত্তৰ মালৌপথাৰ অঞ্চল ৷ যাতায়তৰ বাবে এখন বাঁহৰ দলঙৰ বাহিৰে উন্নত সুবিধা নথকাত এতিয়া ক্ৰোধান্বিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

জলমগ্ন মালৌপথাৰ

যোৰহাট,10 জুন: যোৱা মাহৰ 22 তাৰিখে ভোগদৈ নৈৰ বাঢ়নী পানীয়ে যোৰহাটৰ বহুকেইটা অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বহু অঞ্চলত মথাউৰি ভাগি সংহাৰী ৰূপ ধাৰণ কৰিছিল ৷ যোৰহাটৰ মালৌপথাৰ অঞ্চলৰ কাষতে লাগি থকা ভোগদৈৰ মথাউৰি ভাগি যোৱাত কিছুদিনৰ ভিতৰতে বানবিধস্ত হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে অঞ্চলটো ৷ ইয়াৰোপৰি,মালৌপথাৰৰ কিছু নিলগত থকা শলমৰা গড়কাপ্তানি পথটোৰ ভাগি যোৱা অংশত বিভাগটোৱে যাতায়তৰ সুবিধাৰ বাবে যি বাঁহৰ দলঙৰ ব্যৱস্থা কৰিছিল সেই দলঙেৰে কেৱল দুচকীয়া বাহনহে অহা-যোৱা কৰিব পাৰে ৷

জলমগ্ন মালৌপথাৰ

ভোগদৈৰ মথাউৰি ভগা দুটা পষেক পাৰ হোৱাৰ ফলত বৰ্তমান বৃহত্তৰ মালৌপথাৰৰ তিনিশৰো অধিক লোকৰ ঘৰ ভোগদৈৰ বাঢ়নী পানীৰ কবলত ৷ তাৰোপৰি,জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে অত্যন্ত গুপুতে মথাউৰি ভগা অংশ পৰিদৰ্শন কৰাৰ খবৰ পোৱাৰ পিচত ক্ৰোধান্বিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

ভোগদৈ এতিয়া মালৌখাতৰ বাবে অভিসাপ।।সমস্যাই লগ নেৰা হৈছে কণ লৰাহতৰ ঘৰ।।

ভোগদৈ পাৰৰ মালৌ পথাৰত কন লৰাহতৰ ঘৰ।এতিয়া সেই কণ লৰাহতৰ গাওত ভোগদৈ হৈ পৰিছে সংকাৰ কাৰণ।যিহেতু ভোগদৈৰ মাথাউৰি চিঙা এতিয়া দুটা পষেক হল হি,কিন্তু বৃহত্তৰ মালৌখাতৰ তিনিশৰো অধিক লোকৰ ঘৰ ভোগদৈৰ বাঢ়নী পানীৰ কৱলত।২২মে'ত ভোগদৈৰ কোবাল বাঢ়নী পানীয়ে দুটাকৈ ঠাইত মাথাউৰি চিঙি সংহাৰী ৰূপ লৈছিল।এতিয়া ভোগদৈ শান্ত,কিন্তু ভোগদৈৰ পানীয়ে এতিয়াও সৃষ্টি কৰিছে ব্যাপক সমস্যাৰ।জেঠতে ভোগদৈৰ এই ৰূপ, সমাগত গোটেই বাৰিষাটো আছেই।যদি জল সম্পদ বিভাগে যদি মাথাউৰি বান্ধিব নোৱাৰে তেনেহলে বান বিধষ্ঠ অঞ্চল হৈ পৰিব মালৌখাত।আনহাতে মালৌখাত কিছুদূৰ নিলগত শলমৰা গড়কাপ্টানী পথটোত চিঙা অংশত গড়কাপ্টানী বিভাগে যাতায়তৰ বাবে যি বাহৰ দলংৰ বেৱস্হাৰ কৰিছিল কিন্তু সেয়াই কনাহাহক পতান দিয়াৰ দৰে হৈছে।কাৰন দুচকীয়া বাহন আৰু পদচাৰী বাহিৰে অন্য বাহন যাতায়ত কৰিব নোৱাৰে।নাম মাত্ৰ এখন দুৰ্বল বাহৰ দলং দি সমস্যাৰ পৰা হাত সাৰিব বিছাৰিছে গড়কাপ্টানী বিভাগে।উল্লেখযোগ্য যে ইতিমধ্যে জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীয়ে অত্যন্ত গুপুতে চিঙা অংশৰ পৰিদৰ্শন কৰিছিল।ইয়াকলৈয়ো গাৱ বাসীৰ মাজত ক্ষুভ হোৱা দেখা পোৱা গৈছে।

মুঠৰ ওপৰত ধান নপকালৈকে টূনীৰ মৰণৰ দৰে অৱস্থা এতিয়া কন লাৰহতৰ মালৌপথাৰ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.