ETV Bharat / city

বৰহোলাস্থিত ONGC ৰ পেলনীয়া দ্ৰব্যই বিনষ্ট কৰিছে কৃষিভূমি - বৰহোলাস্থিত ONGC খাদ

অইলে হওক বা অ’এনজিচিয়ে হওক, তৈলখাদৰ পৰা নিৰ্গত হোৱা অৱশিষ্ট পদাৰ্থই প্ৰদূষিত কৰে কৃষিভূমি (Waste from oil mines are affecting farmlands) ৷ বৰহোলাস্থিত ONGC খাদৰ পৰা ওলোৱা পেলনীয়া দ্ৰব্যই বিনষ্ট সাধন কৰিছে একাধিক কৃষিভূমিৰ ৷

wastes-of-oil-mines-are-affecting-farmlands-in-balijan
বৰহোলাস্থিত ONGC ৰ পেলনীয়া দ্ৰব্যই বিনষ্ট কৰিছে কৃষিভূমি
author img

By

Published : Dec 20, 2021, 1:45 PM IST

তিতাবৰ, 20 ডিচেম্বৰ : তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগ (ONGC) ৰ অদূৰদৰ্শিতাৰ ভয়ংকৰ ফল ভোগ কৰিছে তিতাবৰৰ একাংশ কৃষকে ৷ তিতাবৰৰ বৰহোলাস্থিত ONGC খাদৰ পৰা ওলোৱা অৱশিষ্টই ব্যাপক হাৰত বিনষ্ট সাধন কৰিছে বালিজানৰ কৃষিভূমি (Waste from oil mines are affecting farmlands) ৰ ৷

এই তৈলখাদটোৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থসমূহে ব্যাপক হাৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিছে ৷ যাৰ ফলত জীৱকূললৈ নামি আহিছে ভাবুকি ৷ অদূৰ ভৱিষ্যতৰ আশংকাত কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷ ONGC ৰ এনে অদূৰদৰ্শী কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদকে ধৰি একাধিক স্থানীয় দল-সংগঠন ৷

বৰহোলাস্থিত ONGC ৰ পেলনীয়া দ্ৰব্যই বিনষ্ট কৰিছে কৃষিভূমি

ভুক্তভোগী কৃষকসকলে সদৰী কৰা মতে, তৈলখাদৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ কৃষিভূমিৰ সৈতে মিহলি হোৱাৰ ফলত বালিজান অঞ্চলৰ কৃষকসকলে বছৰেকৰ ভাতমুঠি যোগাৰ কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে ৷ তৈলখাদটোৰ ৰিগৰ পৰা ওলোৱা অৱশিষ্ট সমীপত থকা পুখুৰী, কুঁৱাৰ পানীত মিহলি হৈ পৰাত পানীৰ ৰং ক'লা হৈ পৰে ৷ এনে প্ৰদূূষিত, দুৰ্গন্ধময় পানী ব্যৱহাৰ কৰাৰ ফলত অঞ্চলটোৰ অধিকাংশ লোকৰ দেহত নানাধৰণৰ ৰোগে দেখা দিছে ৷

ইতিমধ্যে বিষয় সন্দৰ্ভে ONGC কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰিছে স্থানীয় কৃষকসকলে ৷ তাৰপিছতো কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ আৱৰ্জনা নিষ্কাষণৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা নাই ONGC কৰ্তৃপক্ষই ৷ তদুপৰি নষ্ট হোৱা কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি বহুবাৰ বালিজানৰ কৃষকসকলে ONGC ৰ কাষ চাপিছিল ৷ কিন্তু ইয়াৰ পিছতো কোনো সুফল লাভ নকৰিলে কৃষকসকলে ৷

সেয়েহে কিছুদিনৰ ভিতৰত যদি ONGC কৰ্তৃপক্ষই কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তৈল কোম্পানীটোৰ বাহনসমূহ আৱদ্ধ কৰি পথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এজেৱাইচিপিৰ লগতে অন্যান্য দল-সংগঠনসমূহে ৷

লগতে পঢ়ক: Tinsukia youth joining ULFA : আকৌ জংঘল অভিমুখী পাঁচ যুৱক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.