ETV Bharat / city

কলিয়াপানী উন্নয়ন খণ্ডত অনিয়ম : সময়মতে উপস্থিত নহয় কৰ্মচাৰী

টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পুৱা ১০:৩০ বজালৈকে বিষয়া কৰ্মচাৰীসকল উপস্থিত নোহোৱাৰ এক তথ্য পোহৰলৈ আহিছে ৷ বিগত দেৰ বছৰে ইয়াত খণ্ড উন্নয়ন বিষয়া এজনো নিয়োগ নকৰাত কাৰ্যালয়টোত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে ৷

author img

By

Published : Jun 4, 2019, 12:41 PM IST

কলিয়াপানী উন্নয়ন খণ্ডত অনিয়ম

টীয়ক, 4 জুন : ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ মাজত কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে নতুন সময়সীমা নিৰ্ধাৰণ কৰাৰ প্ৰাকক্ষণত টীয়কৰ চৰকাৰী কাৰ্যালয়ৰ এক তথ্য পোহৰলৈ আহিছে ৷ টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পুৱা ১০:৩০ বজালৈকে উপস্থিত নহয় বিষয়া কৰ্মচাৰীসকল ৷ ঠিকাদাৰ ভিত্তিত কাম কৰা এজন লোক আৰু চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীৰ বাহিৰে বহু সময়লৈকে কাৰ্যালয়ত প্ৰত্যক্ষ কৰা নহয় বিষয়া - কৰ্মচাৰীসকলৰ উপস্থিতি ৷

কলিয়াপানী উন্নয়ন খণ্ডত অনিয়ম

উল্লেখযোগ্য যে, বিগত দেৰ বছৰে এই উন্নয়ন খণ্ডত এজন স্থায়ী খণ্ড উন্নয়ন বিষয়া নিয়োগ নকৰাৰ বাবে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াজনেই সেই দায়িত্ব পালন কৰিব লগা হোৱাত কাৰ্যালয়টোত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে ৷

Intro:Body:টীয়কৰ চৰকাৰী কাৰ্যালয়ত সময়মতে উপস্থিত নাথাকে বিষয়া কৰ্মচাৰী
TEOK:ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ মাজত কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে পুনৰ এক নতুন সময়সীমা নিৰ্ধাৰণ কৰাৰ প্ৰাকক্ষণত ইয়াৰ পূৰ্বে চৰকাৰে কাৰ্যালয় সমূহৰ কৰ্মচাৰীৰ কৰ্মসূচী নিৰ্ধাৰণ কৰি পুৱা ৯-৩০বজাৰ পৰা ৫ বজালৈ নিৰ্ধাৰণ কৰিছিল ।কিন্তু চৰকাৰী এই নিৰ্দেশনা কিমানদূৰ মানি চলে চৰকাৰী বিষয়া কৰ্মচাৰী সকলে ? টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পুৱা ১০-৩০ বজালৈকে উপস্থিত নাই কৰ্মচাৰী।অৱশ্যে ঠিকাভিক্তিক দুই এজন কোনোমতে উপস্থিত হোৱা পৰিলক্ষিত হৈছে।কেৱল মাত্ৰ চুতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীয়ে কোঠাবোৰৰ তলা খুলি সময়মতে নিজৰ দায়িত্ব পালন কৰা দেখা গৈছে।উল্লেখযোগ্য এই যে বিগত দেৰ বছৰে এই উন্নয়ন খণ্ডত এজন স্হায়ী খণ্ড উন্নয়ন বিষয়া নথকাত টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াজনেই সেই দায়িত্ব পালন কৰিব লগা হৈছে।যাৰ ফলত কাৰ্যালয়টোত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.