যোৰহাট, 13 জুলাই : যোৰহাটৰ নিমাটিত যোৱা চাৰিদিন ধৰি চলি অহা বান পৰিস্থিতি সোমবাৰৰ পৰা কিছু পৰিমাণে শাম কাটিছে যদিও বৰ্তমানেও বহু কেইখন গাঁৱৰ লোক মথাউৰিতে অৱস্থান কৰিবলগীয়া অৱস্থা হৈছে । মথাউৰিতে পশুধনৰ সৈতে একেলগে বাস কৰিবলগীয়া অৱস্থা ভুক্তভোগীৰ । কিন্তু পৰিতাপৰ কথা এই যে বিপদৰ সময়ত এষাৰ মাত দিবলৈ সময়ৰ নাটনি বিধায়ক তথা সাংসদ সকলৰ ।
অঞ্চলটোত সোমবাৰৰ পুৱাৰ ভাগৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী বহু পৰিমাণে নিম্নগামী হৈছে । যোৰহাটৰ নিমাটি অঞ্চলত ককিলা,ভিতৰ-ককিলা,নাম-ককিলা,ডাইনী গাঁও,চাৰিগাঁও চাপৰি লগতে গোহাঁই গাঁও অঞ্চলৰ প্ৰায় 4 শতাধিক লোক এতিয়াও মথাউৰিত আশ্ৰয় লৈ আছে । ঘৰ সমূহত ব্ৰহ্মপুত্ৰৰ পানী সোমাই থকাৰ ফলত এতিয়াও থাকিব পৰাকৈ উপযোগী হোৱা নাই গৃহ সমূহ । আনহাতে বানে গৰকা গাঁৱৰ ৰাইজৰ মতে আৰু 15 দিন লৈকে এনেদৰে মথাউৰিত থাকিব লাগিব ।
উল্লেখ্য যে,যোৱা চাৰিদিন ধৰি মথাউৰিত থকাৰ পিছতো উপযুক্ত বান সাহাৰ্য পোৱা নাই লোক সকলে। মাত্ৰ কেইটামান খাদ্য সামগ্ৰী দিয়ে নিজৰ দায়িত্ব পালনৰ চেষ্টা কৰিছে বিভাগে ।