যোৰহাট, 12 আগষ্ট : এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা বুধবাৰে কথমপি ৰক্ষা পৰে যোৰহাট চহৰ ৷ যোৰহাট চহৰৰ লাহটি ষ্টেচনত লাইনচ্যুত হয় এখন মালবাহী ৰে’ল ৷ কাৰিকৰী বিজুতিৰ বাবে ৰে’লখন লাইনচ্যুত হোৱা বুলি ৰে’লৱে সুৰক্ষা কৰ্মীয়ে জানিবলৈ দিয়ে ।
মালবাহী ৰে’লখন লাইনচ্যুত হোৱাৰ ফলত সম্প্ৰতি বন্ধ হৈ পৰে তিতাবৰ মৰিয়নী আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পথ ৷ লাইনচ্যুত ৰে’লখনৰ ডবা উঠাবলৈ তিনিচুকীয়াৰ পৰা অনা হয় ৰিকভাৰী বাহন ৷ ৰিকভাৰী বাহনৰ সহায়তহে অৱশেষত উঠাব পৰা যায় লাইনচ্যুত ৰে’লখনৰ ডবা ।
অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা হৈছে ৷ অতি ব্যস্ত অঞ্চল লাহতিত ইয়াৰ পূৰ্বেও মালবাহী ৰে’ল লাইনচ্যুত হৈছিল ।
লগতে পঢ়ক : শান্তিৰ অসমত ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্র