মৰিগাঁও,৪ এপ্ৰিলঃ মৰিগাঁৱৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত ধুমকুৰা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ ৷ চাউল আত্মসাৎ কৰি ৰাইজৰ ৰোষত পৰিল প্ৰধান শিক্ষক জেহিৰুল ইছলাম ।
উল্লেখ্য যে, জেহিৰুল ইছলামে ৩১ ডিচেম্বৰতে চাকৰিৰ পৰা আনুষ্ঠানিক ভাৱে অৱসৰ লৈছিল যদিও বিদ্যালয়ৰ নামত অহা মধ্যাহ্ন ভোজনৰ চাউল লাহৰীঘাট সমবায় পৰা উঠাই আনি আত্মসাৎ কৰাৰ অভিযোগ শিক্ষক গৰাকীৰ বিৰুদ্ধে । উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে শিক্ষক গৰাকীক ঘেৰাও কৰাৰ লগতে উক্ত ঘটনাৰ উচিত তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ।