ETV Bharat / city

বাঘজানৰ তৈলখাদৰ উচিত তদন্তৰ দাবীৰে চিটুৰ প্ৰতিবাদ - ক্ষতিগ্ৰস্ত লোক সকলক প্ৰদান কৰক উচিত ক্ষতিপূৰণ

ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ লুন্ঠনৰ লক্ষ্য হ'ল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ একমাত্ৰ উদ্দেশ্য ৷ লুন্ঠনৰ উদ্দেশ্যে ইয়াক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়া বাবেই বাঘজানত সংঘটিত হ'বলৈ পালে ভয়াৱহ অগ্নিকাণ্ড ৷

বাঘজানৰ তৈলখাদৰ উচিত তদন্তৰ দাবীৰে চিটুৰ প্ৰতিবাদ

author img

By

Published : Jun 12, 2020, 3:38 PM IST

যোৰহাট, 12 জুন : বাঘজানৰ তৈলখাদৰ উচিত তদন্তৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক প্ৰদান কৰক উচিত ক্ষতিপূৰণ । ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ লুন্ঠনেই লক্ষ্য হ'ল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ একমাত্ৰ উদ্দেশ্য । লুন্ঠনৰ উদ্দেশ্যে ৰাজ্যৰ তৈলখণ্ডকে আদি কৰি ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়া বাবেই বাঘজানত সংঘটিত হ'বলৈ পালে ভয়াৱহ অগ্নিকাণ্ড ৷

বাঘজানৰ তৈলখাদৰ উচিত তদন্তৰ দাবীৰে চিটুৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে অসমৰ তৈলক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণ, দিহিং-পাটকাই বৰ্ষাৰণ্যখনত মুক্ত কয়লা খনন, ডিব্ৰু-ছৈখোৱাত হাইড্ৰকাৰ্বনৰ সন্ধান, এই সকলো প্ৰাকৃতিক সম্পদৰ লুন্ঠন নীতিক এতিয়া মুল লক্ষ্য হিচাপে বান্ধি লৈছে । লকডাউনৰ সুবিধা লৈ মুক্ত মনৰে লুন্ঠন ৰাজ চলোৱাৰ বাবেই ৰাজ্যখনত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ আজি যোৰহাট চহৰখনৰ মাজত চিপিআইএমে প্ৰতীকি ৰূপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ যদি শীঘ্ৰে এই লুন্ঠন বন্ধ নকৰে তেতিয়া অনাগত সময়ত লকডাউন ভংগ কৰি জংগী আন্দোলন কৰিব বুলি উল্লেখ কৰে বাওঁপন্থী দলটোৱে ।

লগতে পঢ়কঃ বাঘজান তৈল্যখাদ বিস্ফোৰণ : প্ৰত্যক্ষদৰ্শীৰ মুখেৰে হুবহু বিৱৰণ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.