মৰিয়নী, 9 ছেপ্তেম্বৰ: অসমৰ ভূমিত অব্যাহত আছে নগাৰ অবাধ বেদখল । অসমৰ বনবিভাগ আৰু প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি নগাই অসমৰ ভূমিত নতুনকৈ গাঁও স্থাপন কৰাৰ উপৰিও শেহতীয়াকৈ জেচিবি লগাই অসমৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নিজ গাঁৱলৈ বহল কৰিলে এটা পথ ।
অসম-নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নীত অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই অব্যাহত ৰাখিছে অবাধ আগ্ৰাসন । বন বিভাগৰ নিৰ্লিপ্ততৰা পূৰ্ণ সুযোগ গ্ৰহণ কৰিয়ে মৰিয়নী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই পকী দলং নিৰ্মাণ কৰাৰ উপৰিও নতুনকৈ স্থাপন কৰিছে নগা গাঁও ।
![Again Naga Aggression incident in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/nagaencourage2_09092020110559_0909f_1599629759_721.jpg)
দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই অবৈধ ভাৱে পূৰ্বতে স্থাপন কৰা আকাহুটো নামৰ নগা বস্তিখনলৈ যোৱাৰ পথটো বিগত সময়চোৱাত অসমৰ মাটি কাটি আহল-বহল কৰিছিল । যদিও সেই সময়ত অসমৰ বন বিভাগ আৰু মৰিয়নী আৰক্ষীৰ তৎপৰতা নগা গাঁৱলৈ যোৱা লুংলুঙীয়া পথটো নগাই বহল কৰিব পৰা নাছিল । কিন্তু শেহতীয়াকৈ আকাহুটো নামৰ অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত থকা নগা গাঁওখনৰ লোকসকলে বন বিভাগ আৰু অসম আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি জেচিবি লগাই উক্ত গাঁওখনলৈ যোৱা অসমৰ ভূমিত থকা পথটো যথেষ্ট আহল বহলকৈ নিৰ্মাণ কৰি লয় ।
![Again Naga Aggression incident in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/nagaencourage2_09092020110559_0909f_1599629759_225.jpg)
উল্লেখ্য যে, উক্ত স্থানৰ পৰা প্ৰায় 1 কি.মি দুৰত্বত অৱস্থিত সীমান্ত অসম আৰক্ষীৰ চাউনিৰ অসম আৰক্ষীয়েও নগাৰ এই কাৰ্যক বাধা দিব নোৱাৰিলে । আনফালে এই গাঁওখনৰ সমীপৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলতো এখন নতুনকৈ গাঁও স্থাপন কৰে নগাই । ইয়াৰ পাছতো কাণষাৰ নাই বন বিভাগ তথা প্ৰশাসনৰ ।