ETV Bharat / city

কাজিৰঙা : এতিয়া ভয়াৱহ !

author img

By

Published : Jul 25, 2019, 7:07 PM IST

Updated : Jul 25, 2019, 7:44 PM IST

প্ৰায় দুই শতাধিক বন্য জীৱ-জন্তুৰ মৃত্যুৰ পিছতো কাজিৰঙাত কমা নাই জীৱকূলৰ বিলাই-বিপত্তি ৷ উদ্ধাৰ হৈছে এটাৰ পাচত এটাকৈ বন্যপানীৰ মৃতদেহ ৷ এতিয়াও কাজিৰঙাৰ 50 শতাংশ অঞ্চল পানীত বুৰ গৈ থকাত বিপদাপন্ন হৈ পৰিছে জীৱকূল ৷ বানত বৰ্তমানলৈ মৃত্যু ঘটিছে 208 টা বন্যপ্ৰাণীৰ ৷ কাজিৰঙাত জীৱৰ মাজত এতিয়া দেখা দিছে প্ৰচুৰ খাদ্য সংকটে ৷

কাজিৰঙা : এতিয়া ভয়াৱহ !
  • প্ৰায় দুই শতাধিক বন্য জীৱ-জন্তুৰ মৃত্যুৰ পিছতো কাজিৰঙাত কমা নাই জীৱকূলৰ বিলাই-বিপত্তি ৷
  • উদ্ধাৰ হৈছে এটাৰ পাচত এটাকৈ বন্যপানীৰ মৃতদেহ ৷
    কাজিৰঙা : এতিয়া ভয়াৱহ !
  • এতিয়াও কাজিৰঙাৰ 50 শতাংশ অঞ্চল পানীত বুৰ গৈ থকাত বিপদাপন্ন হৈ পৰিছে জীৱকূল ৷
  • বানত বৰ্তমানলৈ মৃত্যু ঘটিছে 208 টা বন্যপ্ৰাণীৰ ৷
  • কাজিৰঙাত জীৱৰ মাজত এতিয়া দেখা দিছে প্ৰচুৰ খাদ্য সংকটে ৷

  • প্ৰায় দুই শতাধিক বন্য জীৱ-জন্তুৰ মৃত্যুৰ পিছতো কাজিৰঙাত কমা নাই জীৱকূলৰ বিলাই-বিপত্তি ৷
  • উদ্ধাৰ হৈছে এটাৰ পাচত এটাকৈ বন্যপানীৰ মৃতদেহ ৷
    কাজিৰঙা : এতিয়া ভয়াৱহ !
  • এতিয়াও কাজিৰঙাৰ 50 শতাংশ অঞ্চল পানীত বুৰ গৈ থকাত বিপদাপন্ন হৈ পৰিছে জীৱকূল ৷
  • বানত বৰ্তমানলৈ মৃত্যু ঘটিছে 208 টা বন্যপ্ৰাণীৰ ৷
  • কাজিৰঙাত জীৱৰ মাজত এতিয়া দেখা দিছে প্ৰচুৰ খাদ্য সংকটে ৷
Intro:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ মৃত্যুৰ কিৰিলি। উদ্যানখনত প্ৰতিদিনে উদ্ধাৰ হৈছে এটাৰ পিছত আনটো বন্যপ্ৰাণীৰ মৃতদেহ। এতিয়া ৫০ শতাংশ কাজিৰঙা পানীৰ তলত।

Body:বিধ্বংসী বানপানীয়ে ধুই যোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫০ শতাংশ এলেকা এতিয়াও ডুব গৈ আছে বানপানীত। চলিত মাহৰ প্ৰথম ভাগত ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়াবহ বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ এলেকা পানীৰ তলত ডুব যোৱাত উধ্যানখনৰ জীৱকুল প্ৰাণ ৰক্ষাৰ বাবে নিৰাপদ স্থানলৈ ঢাপলি মেলিছিল। বৰ্তমান উদ্যানখনত পানী হ্ৰাস পাবলৈ ধৰিছে যদিও প্ৰতিদিনে বানপানীৰ ফলত মৃত্যু হোৱা বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈছে। উধ্যানকখনত বানপানীৰ ফলত মৃত্যু হোৱা বন্যপ্ৰাণীৰ সংখ্যা ২০৮লৈ বৃদ্ধি পাইছে। কাজিৰঙাত বানপানীৰ ফলত বৰ্তমানলৈকে ১৮টা গঁড়, ১৬৭টা পহু, ১টা হাতী, ১৮টা বনৰীয়া গাহৰি আৰু ৩টা কেটেলা পহুৰ মৃত্যু হৈছে বুলি বন বিভাগে জানিবলৈ দিছে। আনহাতে বানৰ সংহাৰীৰ মাজতো বন বিভাগে উদ্যানখনত বঢ়নী পানীৰ মাজৰ পৰা জীৱন্তে ৬৯টা বন্যপ্ৰাণী উদ্ধাৰ কৰিছে।

Conclusion:বিধ্বংসী বানপানীৰ তাণ্ডৱৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে উদ্যানখনৰ জীৱকুলে কাৰ্বি পাহাৰ আৰু উদ্যানখনৰ ভিতৰত থকা হাইলেণ্ড সমূহত আশ্ৰয় লৈছে যদিও ৫০ শতাংশ এলেকা পানীৰ তলত ডুব গৈ থকাৰ বাবে বন্যপ্ৰাণী সমূহ খ্যাদ সংকটত পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ মতে উদ্যানখনত আৰু অধিক বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাদ হোৱাৰ সম্ভৱনে আছে।

Last Updated : Jul 25, 2019, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.