ETV Bharat / city

বিজু গগৈয়ে হীনমান্যতাত ভুগি আত্মহত্যা কৰিছে: আলফা স্বাধীন

author img

By

Published : May 12, 2022, 4:01 PM IST

বিজু গগৈৰ আত্মহত্যাৰ টোকাৰ সৈতে বিবৃত্তি প্ৰকাশ আলফা স্বাধীনৰ (Ulfa I releases suicide note of Biju Gogoi) ৷ বিজু গগৈ ওৰফে লেন্স কৰ্পৰেল ভাগ্য অসমে ২১ ফেব্ৰুৱাৰীৰ নিশা ১২.১৫ বজাত নিজৰ শোৱনী কোঠাত লগত থকা বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিছিল (Biju Gogoi suicide at Ulfa camp) ৷ তিনিচুকীয়া আৰক্ষীৰ লগত থকা সন্তোষ লামা নামৰ যুৱকজন আলফাৰ সদস্য নহয় বুলি বিবৃতিটোত প্ৰকাশ ৷

Ulfa I releases suicide note of Biju Gogoi

গুৱাহাটী, ১২ মে’: নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ (Anti Caa movement in Assam) সময়তে আলফা স্বাধীনত যোগদান কৰা তিনিচুকীয়াৰ বৰডুমচাৰ আছু নেতা বিজু গগৈক আলফাই মৃত্যুদণ্ড বিহা নাই (Ulfa denies allegation of kiling Biju Gogoi)৷ বিজু গগৈ ওৰফে লেন্স কৰ্পৰেল ভাগ্য অসমে ২১ ফেব্ৰুৱাৰীৰ নিশা ১২.১৫ বজাত নিজৰ শোৱনী কোঠাত লগত থকা বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিছিল ৷ এই কথা সদৰি কৰিছে আলফা স্বাধীনে ৷ বৃহস্পতিবাৰে এক বিবৃত্তি যোগে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে ৷

এই সন্দৰ্ভত বিজু গগৈয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা এক টোকাও প্ৰকাশ কৰিছে সংগঠনটোৱে ৷ আত্মহত্যাৰ টোকা অনুসৰি বিজু গগৈয়ে নৈতিকভাৱে পতিত হৈ হীনমান্যতাত ভুগি আত্মহত্যা কৰে (Biju Gogoi suicide at Ulfa camp)৷ নিজৰ দায়িত্ব পালন কৰিব নোৱাৰা আৰু সতীৰ্থৰ জালত পৰি সতীৰ্থক সহায় কৰি বেয়া কাম কৰাৰ বাবেই আত্মহত্যা কৰা বুলি সদৰি কৰে টোকাটোত ৷

বিজু গগৈ

লগতে পঢ়ক : Death Penalty by ULFA: তিনিচুকীয়াৰ আন এজন যুৱককো আলফা স্বাধীনৰ মৃত্যুদণ্ড !

উল্লেখ্য যে, কা’ আন্দোলনৰ সময়ত আছুৰ বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিজু গগৈয়ে আলফালৈ গৈছিল (AASU৷ আলফালৈ গৈ ভাগ্য অসম নাম লৈছিল বিজু গগৈয়ে ৷

ইফালে আলফা স্বাধীনৰ বিবৃতিত কোৱা হৈছে যে, বিজু গগৈয়ে একমাত্ৰ নৈতিকভাৱে পতিত হৈ হীনমন্যতাত ভুগি আত্মহত্যা কৰিছে ৷ বিজু গগৈ সকলোৰে মৰমৰ, অমায়িক, মেধা সম্পন্ন আৰু সংগঠনৰ প্ৰতি আনুগত্যশীল সহযোদ্ধা আছিল ৷ বিজু গগৈৰ মৃত্যুত আলফা দুঃখিত আৰু মৰ্মাহত হোৱাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে আলফা স্বাধীনে ৷

আলফা স্বাধীনে প্ৰকাশ কৰা বিজু গগৈৰ আত্মহত্যাৰ টোকা

উল্লেখ্য যে, ১১ মে’ত অৰুণাচলৰ জয়ৰামপুৰত আছাম ৰাইফল আৰু তিনিচুকীয়া আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল আলফা স্বাধীনৰ সদস্য সন্তোষ লামা ওৰফে অপু অসম ৷ ধৃত সন্তোষ লামাই আৰক্ষীৰ আগত বুধবাৰে প্ৰকাশ কৰিছিল কেতবোৰ বিস্ফোৰক মন্তব্য ৷ সন্তোষ লামাই প্ৰকাশ কৰা অনুসৰি আলফাই বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড দিছে ৷ ইয়াৰ উপৰিও সংগঠনটোৱে এক ডজনৰো অধিক যুৱক মৃত্যুদণ্ড দিছে ৷ এই সন্দৰ্ভত তেওঁ কেইবাজনৰ নাম প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক : পুনৰ আলফা(স্বা)মুখী নতুন প্ৰজন্ম: উজনি-নামনিত অন্তৰ্ধান বহুজন

সেই অপু অসমেই জেৰাত কৈছিল বিজু গগৈৰ সহিতে অন্য কেইবাজনকো শিবিৰৰ পৰা পলাই অহাৰ চেষ্টা কৰাৰ অপৰাধত গুলীয়াই হত্যা কৰিছিল আলফাই ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে কেইদিনমান পূৰ্বে দুজনকৈ যুৱকক চোৱাংচোৱাগিৰি কৰা অপৰাধত মৃত্যুদণ্ড দিয়াকলৈ আলফা স্বাধীনৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰু সমালোচনা অব্যাহত থকাৰ মাজতেই আলফা স্বাধীনে বৃহস্পতি বাৰে আন এক বিবৃত্তি প্ৰকাশ কৰে ৷ বিবৃতিত উল্লেখ কৰা অনুসৰি তিনিচুকীয়া আৰক্ষীৰ লগত থকা সন্তোষ লামা নামৰ যুৱকজন আলফাৰ সদস্য নহয় ৷ আলফা স্বাধীনৰ সংবিধানৰ দফা-৫ অনুসৰি সদস্য পদ প্ৰাপ্তিৰ যিসমূহ যোগ্যতা থকাটো বুনিয়াদি চৰ্ত হিচাপে পৰিগণিত হৈ আহিছে, তাৰ ভিতৰত অন্যতম হৈছে অসমৰ স্বাধীনতাৰ প্ৰতি আনুগত্যশীল আৰু উৎসৰ্গিত মানসিকতাৰে স্বদেশ-স্বজাতিক সেৱা আগবঢ়োৱাৰ অকুণ্ঠ সংকল্প ৷

সন্তোষ লামাই একমাত্ৰ ধনৰ তাগিদাত ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে সংগঠনত যোগদানৰ বাবে অহাৰ কথা প্ৰাৰম্ভিক অৱস্থাতে দ্বিধাহীনভাৱে নিজ মুখে স্বীকাৰ কৰি লোৱাৰ পৰিপ্ৰেক্ষিতত সদস্য পদ দিয়া হোৱা নাছিল ৷ বিবৃত্তিটোত কোৱা হয় যে, ভাৰতীয় সেনা বাহিনী আৰু অসম আৰক্ষীয়ে সংগঠনৰ ভিতৰত চোৰাংচোৱাৰ অনুপ্ৰৱেশ ঘটোৱা বা বিপ্লৱী সৃষ্টি কৰাটো এক চলমান নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া ৷ তাক মুক্তি বিপ্লৱৰ ঐতিহাসিক দায়িত্ব আৰু কৰ্তব্যৰ পটভূমিৰ পৰা মষিমূৰ কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব ৷

লগতে পঢ়ক : সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.