ETV Bharat / city

JE in Karbi Anglong: কাৰ্বি আংলঙতো জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত দুজন

এইবছৰ মেলেৰিয়া নিয়ন্ত্ৰণত আছে যদিও অতি শেহতীয়াকৈ জিলাখনৰ দুগৰাকী ৰোগী জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ খবৰে স্বাস্থ্য বিভাগক তৎপৰ কৰিছে ৷ জ্বৰত আক্ৰান্ত ডকমকাৰ ৰিখি বে আৰু হাওৰাঘাট চামগুৰিৰ সাগৰ নাথক ডিফু মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ৷

JE in Karbi Anglong
কাৰ্বি আংলঙতো জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত দুজন
author img

By

Published : Jul 16, 2022, 9:43 PM IST

ডিফু, ১৬ জুলাই: সমগ্ৰ ৰাজ্যতে এতিয়া জাপানীজ এনকেফ্লাইটিছ ৰোগে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কাৰ্বি আংলং জিলাত বছৰি এইছোৱা সময়ত মেলেৰিয়াৰ প্ৰভাব বৃদ্ধি পায় ৷ এইবছৰ মেলেৰিয়া নিয়ন্ত্ৰণত আছে যদিও অতি শেহতীয়াকৈ জিলাখনৰ দুগৰাকী ৰোগী জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ খবৰে স্বাস্থ্য বিভাগক তৎপৰ কৰিছে ৷ জ্বৰত আক্ৰান্ত ডকমকাৰ ৰিখি বে আৰু হাওৰাঘাট চামগুৰিৰ সাগৰ নাথক ডিফু মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ৷ ডিফু মেডিকেল কলেজত দুয়ো গৰাকী ব্যক্তিৰ তেজ পৰীক্ষা কৰাৰ পিছত চিকিৎসকে তেওঁলোক জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত বুলি নিশ্চিত কৰিছে (Two persons admitted in DMCH)৷ সেয়ে এতিয়া এন এইচ এমৰ তৰফৰ পৰা জাপানীজ এনকেফ্লাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা লৈছে ৷

লগতে পঢ়ক: JE in Assam : ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবীত জিলা স্বাস্থ্য বিভাগক স্মাৰকপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.