মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থিয় হোৱাৰ আশ্বাস অখিল গগৈৰ
অসম বিধানসভাৰ অধ্যক্ষ (Chairman of assam legislative assembly)বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দল শনিবাৰে শিলচৰ উপস্থিত হয় । শিলচৰত উপস্থিত হোৱাৰ পাছতেই সৰ্বদলীয় প্ৰতিনিধি দলটোৱে পোনে পোনে অসম মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰ পৰিদৰ্শন কৰে ৷ একেদৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ((Akhil Gogoi))য়েও সাংবাদিকৰ আগত কয় যে, মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ আমি কেতিয়া মানি নলও । এই গোচৰ উঠাই ল’ব লাগে ৷
ঔষধ আনিবলৈ গৈ নিৰুদ্দেশ দুই সন্তানৰ মাতৃ
দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০০৯ চনত বিষ্ণুপুৰ গাঁৱৰ সঞ্জীত দাসৰ সৈতে বৰবিলা গাঁৱৰ নয়নমণি দাস বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু বিগত চাৰিদিন ধৰি পত্নী সন্ধানহীন হৈ থকাত এতিয়া শোকত ভাঙি পৰিছে স্বামীসহ দুই পুত্ৰ ৷
'জল জীৱন মিছন' আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে ৰণজিৎ দাসে
শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল "জল জীৱন মিছন" আঁচনি ৷ ছিপাঝাৰত এই আঁচনি মুকলি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ এই উপলক্ষে ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত ছিপাঝাৰ বিধানসভা সমষ্টিৰ নাৰিকলিত এখন সভাৰ আয়োজন কৰা হয় ৷
দিচৈ ভেলীক লৈ অসম-নাগালেণ্ডৰ মাজত চুক্তি স্বাক্ষৰ
অসম-নাগালেণ্ড সীমান্ত সমস্যাক লৈ দুই ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰ ৷ চুক্তি অনুসৰি দিচৈ ভেলীৰ পৰা দুই ৰাজ্যই আঁতৰাই নিব নিৰাপত্তাৰক্ষীৰ শিবিৰ ৷ ড্ৰোণ কেমেৰাৰ যোগেদি সীমান্ত পৰ্যবেক্ষণ ৷
বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা
অসম-মিজোৰাম সীমান্তৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে দুগৰাকী বীৰংগনা ৷ সীমান্ত বিবাদক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত 6 জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হৈছিল ৷ এই ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত ৷
মিজোৰামত বিস্ফোৰক পদাৰ্থ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰিব নিয়াই
মিজোৰামত বিস্ফোৰক পুনৰুদ্ধাৰ গোচৰৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) ৷ শেহতীয়াকৈ অসম ৰাইফলছে (Assam Rifles) মিজোৰামত ২২ জুনত দুজন লোকক আটক কৰিছিল আৰু ম্যানমাৰলৈ চোৰাংকৈ অনা বৃহৎ যুদ্ধসামগ্ৰীৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছিল ।
অসমলৈ আহিয়েই "আশীৰ্বাদ যাত্ৰা" কৰিব সোণোৱালে
শনিবাৰে সন্ধিয়া নতুন দিল্লীৰ (New Delhi) পৰা মন্ত্ৰী সোণোৱালৰ কাৰ্যালয়ৰ সূত্ৰই ফোনযোগে ইটিভি ভাৰতক জনোৱা মতে, ১৬ বা ১৭ আগষ্টত অসমলৈ আহিব সোণোৱাল । সোণোৱালৰ অসম আগমনৰ সময়ত ৰাজ্যিক বিজেপিয়ে (State BJP) আৰম্ভ কৰিব "আশীৰ্বাদ যাত্ৰা" ৷
অসমৰ ভূমিত অৰুণাচলৰ লোকে ৰোপণ কৰা বাগিচা উচ্ছেদ
অসম-মিজোৰামৰ সীমা বিবাদক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে অসমৰ ভূমি দখল কৰি অৰুণাচলৰ লোকে অবৈধভাৱে নিৰ্মাণ কৰা চাহ বাগানত উচ্ছেদ চলালে লখিমপুৰ জিলাৰ বন বিভাগে ৷
হিন্দী স্কুলত নিযুক্তিৰ নামত কোটি কোটি টকা লুণ্ঠনৰাজ !
নিযুক্তি দিয়াৰ প্ৰলোভন দেখুৱাই কেইবা কোটি টকা লুণ্ঠন সংঘটিত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটত । নগাঁও জিলাৰ কামপুৰত "নগাঁও হিন্দী দৰ্পণ পত্ৰিকা" নামেৰে এটা কাৰ্যালয় স্থাপন কৰি এটা দুষ্ট চক্ৰই চলাইছিল এই লুন্ঠনৰাজ ৷
টকিঅ' অলিম্পিক: কেনেকৈ কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িব ভাৰতীয় মহিলা হকী দল
ভাৰতৰ ভাগ্য এতিয়া গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মাজত হ'বলগীয়া পুল এ খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব । কোৱাৰ্টাৰ ফাইনেলত ভাৰতে নিজৰ স্থান নিশ্চিত কৰিবলৈ আয়াৰলেণ্ডৰ পৰাজয় বা ড্ৰ'য়ে যথেষ্ট হ'ব ।