ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-7-pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Apr 16, 2022, 7:30 PM IST

Crude Oil Production in Assam: অসমত উদ্বেগজনকভাৱে হ্ৰাস পাইছে খাৰুৱা তেলৰ উৎপাদন

২০১৯-২০ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে অসমত খাৰুৱা তেলৰ উৎপাদন হ্ৰাস পাবলৈ আৰম্ভ কৰিছে (Crude oil production in Assam)। খাৰুৱা তেলৰ উৎপাদন হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যখনে তেলৰ পৰা প্ৰতি বছৰে লাভ কৰি অহা ৰয়েল্টিৰ পৰিমাণো হ্ৰাস পাইছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত খাৰুৱা তেলৰ ৰয়েল্টি হিচাপে অসমে লাভ কৰা ধনৰ পৰিমাণ আছিল ২৩২৬.৪৫ কোটি টকা । ২০১৯-২০ বিত্তীয় বৰ্ষত হ্ৰাস পালে ২০৬৯.৯৫ কোটি টকালৈ । ২০২০-২১ বিত্তীয় বৰ্ষত ৰয়েল্টিৰ নামত পালে ১৩৩৭.৩৮ কোটি টকা ।

বিহুৰ উচাহৰ মাজতে ডাঙৰ খবৰ: বৰপেটা আৰক্ষীৰ জালত ৬ জেহাদী

নামনি অসমত খোপনি পুতিছে অল-কায়দাই । বৰপেটাৰ লগতে সমগ্ৰ নামনি অসমতে জেহাদীৰ দলে পেলাইছে জাল (Jihadi network in lower Assam) । ইয়াৰ মাজতে বৰপেটা আৰক্ষীৰ জালত পৰিল ৬ জেহাদী ( jihadi members arrested in Barpeta) ।

Harbhajan Singh as MP: কৃষকৰ কন্যা সন্তানলৈ আগবঢ়াব দৰমহাৰ ধন

ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ যি সিদ্ধান্ত সামাজিক মাধ্যমযোগে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে প্ৰকাশ কৰিছে ৷ কৃষকসকলৰ কণ্যা সন্তানৰ শিক্ষা আৰু কল্যাণৰ বাবে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে পাবলগীয়া দৰমহা ব্যয় কৰিব (Harbhajan Singh will spend salary for farmers daughter)।

কিমান উপাৰ্জন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উপ-ৰাষ্ট্ৰপতিয়ে ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু তেওঁৰ পত্নী জিলে হোৱাইট হাউচত তেওঁলোকৰ প্ৰথম বছৰত ভাৰতীয় মুদ্ৰা অনুসৰি ৪.৬৬ কোটি টকা উপাৰ্জন কৰিছিল আৰু কৰ হিচাপে ১.১৪ কোটি টকা পৰিশোধ কৰিছিল । উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু তেওঁৰ স্বামী ডগ এমহফে 2021 চনত ১২.৬৩ কোটি টকা উপাৰ্জন কৰিছিল আৰু ৩.৯৯ কোটি টকাকৰ পৰিশোধ কৰিছিল । অৱশ্যে, নিউয়ৰ্ক টাইমছৰ মতে, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হোৱাইট হাউচত তেওঁৰ প্ৰথম বছৰত মাত্ৰ 57,249 টকাহে উপাৰ্জন কৰিছিল ।

পাঞ্জাৱৰ প্ৰতিটো পৰিয়াললৈ বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ

পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত (Punjab assembly election 2022) আম আদমি পাৰ্টীৰ মুখ্য প্ৰতিশ্ৰুতি আছিল ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ বিনামূলীয়া ৩০০ ইউনিট বিদ্যুৎ । এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে পাঞ্জাৱ চৰকাৰ । ৰাজ্যজুৰি তীব্ৰ কৌতূহল ।

ভিতৰুৱা অঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে চৰকাৰে : বিপ্লৱ কুমাৰ দেৱ

ত্ৰিপুৰা চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য । সামগ্ৰিক উন্নয়ন সম্পৰ্কে নিজ চৰকাৰক প্ৰশংসা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (CM Biplab Kumar Dev praises his government)। তেওঁৰ মতে ভিতৰুৱা অঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে চৰকাৰে ।

GMC নিৰ্বাচন: দেওবাৰৰ পৰা প্ৰচাৰত নামিব স্বয়ং মুখ্যমন্ত্ৰী

অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022)। নিৰ্বাচনক লৈ বিজেপি দলৰ তৎপৰতা বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰীয়ে চলাবলগীয়া নিৰ্বাচনী সভাৰ দায়িত্ব দিয়া হৈছে ৰাজ্যৰ মন্ত্ৰী-বিধায়কক । পিছে ক'ত ক'ত মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ আৰু কোন কোন মন্ত্ৰী-বিধায়কক সভাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ?

গুজৰাটৰ মৰবিত ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ

মৰবিৰ বাপু কেশৱানন্দ জীৰ আশ্ৰমত(Ashram of Bapu Keshvanand) স্থাপন কৰা ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন । উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi unveils 108 ft Lord Hanuman statue) । 'হনুমানজী চাৰ ধাম' প্ৰকল্পৰ অংশৰ প্ৰথমটো মূৰ্ত্তি ২০১০ চনত হিমাচল প্ৰদেশৰ চিমলাত স্থাপন কৰা হৈছিল ।

স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে ত্ৰিপুৰা চৰকাৰক সহায়ৰ হাত ভাৰতীয় ষ্টেট বেংকৰ

ভাৰতীয় ষ্টেট বেংকৰ আন এক আদৰণীয় পদক্ষেপ । ত্ৰিপুৰা চৰকাৰক ৬০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে বেংকে প্ৰতিষ্ঠানটোৱে (SBI donates rupees 60 lakh to Tripura government)। স্বাস্থ্য সেৱাৰ বিকাশৰ বাবে এই আৰ্থিক সাহায্য বেংক প্ৰতিষ্ঠানটোৰ । পূৰ্বোদয় সামাজিক সংস্থালৈ এখন এম্বুলেঞ্চও দান কৰে ভাৰতীয় ষ্টেট বেংকে ।

মুখ্যমন্ত্ৰী সমষ্টিৰ ৭নং ৱাৰ্ডত ১২ বছৰে সমাধান নহ'ল খোৱাপানীৰ সমস্যা

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022 (GMC elections 2022) লৈ মাজত আৰু কেইটামান দিন বাকী ৷ এতিয়া সকলো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় হৈছে গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধান কৰা ৷ এই সন্দৰ্ভত এক বিশেষ ৰিপ’ৰ্ট...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.