ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 15, 2020, 11:19 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

5 গৰাকী সদস্যৰ শপত গ্ৰহণৰে গঠিত হ'ব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদ

মঙলবাৰে শপত ল'ব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদে ৷ কিন্তু মাত্ৰ 5 গৰাকী সদস্যইহে ল’ব শপত ৷ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিলে এই কথা ৷

গুৱাহাটীত উপস্থিত আৰ.এছ.এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক ইন্দেশ কুমাৰ

৩ দিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে আৰ.এছ.এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক ইন্দেশ কুমাৰ । কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে সোমবাৰে সন্ধিয়া বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ল জনসংখ্যা সমাধান ফাউণ্ডেচনৰ মুখ্য সংৰক্ষক তথা আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যগৰাকী ৷

অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক

অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিক আফনুৰ আলী ৷ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এই কাণ্ডত গুৰুতৰভাৱে আহত সাংবাদিক তথা যুৱতীগৰাকী ৷

SI কেলেংকাৰীৰ অভিযুক্তসকলক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ

SI কেলেংকাৰীৰ অভিযুক্তসকলক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ ৷ কুমাৰ সঞ্জীত কৃষ্ণ, দ্বিবন ডেকা, সৰোজ শৰ্মাকে ধৰি মুঠ 35 গৰাকী অভিযুক্তক হাজিৰ কৰোৱা হয় আদালতত ।

সু-খবৰ : ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ'ল দিহিং পাটকাই

২০২০ বৰ্ষৰ শেষত অসমবাসীলৈ আহিল এক সু-খবৰ। এতিয়াৰে পৰা এক নতুন ৰূপ পাব দিহিং পাটকাইয়ে। পূৱৰ আমাজন হিচাপে বিখ্যাত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য এতিয়াৰে পৰা জনাজাত হ'ব ৰাষ্ট্ৰীয় উদ্যান হিচাপে ।

গুজৰাটত মঙলবাৰে কেবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব মোদীয়ে

অহা ১৫ ডিচেম্বৰত গুজৰাটলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কচ্ছৰ দৰ্ধ'লৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

মিছামুখত আগ্নেয়াস্ত্ৰৰে সজ্জিত দুৰ্বৃত্তৰ ডকাইতিৰ চেষ্টা

কলিয়াবৰ মিছাত ডকাইতিৰ চেষ্টা ৷ মিছাৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত এখন গহণালয়ৰ স্বত্বাধিকাৰীক আগুচি ধৰি ডকাইতিৰ চেষ্টা ছয় দুৰ্বৃত্তৰ ৷ অভিযুক্ত দুৰ্বৃত্ত কেইজন আগ্নেয়াস্ত্ৰৰে সজ্জিত হৈ অহাৰ অভিযোগ ৷ দুৰ্বৃত্তক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাত আৰক্ষীৰ হেমাহিৰ অভিযোগ ৷ মিছা আৰক্ষী চকী ঘেৰাও ৷

তেতেলীয়াত অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু

মহানগৰীৰ তেতেলীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন ৷

কৰিমগঞ্জত পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ

বৰাক উপত্যকাত অব্যাহত আছে বাৰ্মিজ চুপাৰি আৰু কয়লাকে ধৰি বাৰ্মিজ চিগাৰেটৰ ক'লা ব্যৱসায় ৷ সোমবাৰে কৰিমগঞ্জ বাজাৰীছড়া আৰক্ষীয়ে প্ৰায় পাঁচ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ৷

সৰু ডিৰাকত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন

সোমবাৰে কাকপথাৰ সৰু ডিৰাকত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত ঘটনাস্থলীতে নিহত হয় AR 20- 2298 নম্বৰৰ বাইকখনৰ আৰোহী ৷ মৃত লোকজন হালোৱা পথাৰৰ ৰুবুল সোণোৱাল বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.