ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 3, 2020, 11:02 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে

সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হ'ব সদ্য পদত্যাগী আছু নেতা লুৰিনজ্যোতি গগৈক ৷ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বিদায় সভা ।

ড্ৰাগছৰ ঘাটি উৎখাত অভিযানত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

বুধবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত ড্ৰাগছ বেপাৰীৰ আক্ৰমণৰ বলি হয় কামৰূপ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ফুলকন নাৰ্জাৰীসহ এটা আৰক্ষীৰ দল ৷ আৰক্ষীয়ে 80 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে ইজাজুল আলী নামৰ এটা ড্ৰাগছ বেপাৰীক আটক কৰে ৷

7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বিদ্যালয়-কলেজ

7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত বিদ্যালয়-কলেজসমূহ পুনৰ আৰম্ভ হ'ব ৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুযায়ী শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

অসম দিৱস উপলক্ষে গাড়ীগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

অসম দিৱস উপলক্ষ্যে মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ জালুকবাৰী সমিতিৰ উদ্যোগত এই শিবিৰৰ আয়োজন কৰা হয় ৷

সন্তোষ হোজাইৰ হত্যাকাণ্ড : দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ

ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত অসম আৰক্ষীৰ দুই কনিষ্টবল বিপুল লস্কৰ আৰু শংকৰ বণিয়াক পুনৰ তিনিদিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ আদালতৰ ৷

য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান

চ্যু-কা-ফা-দিৱস অৰ্থাৎ অসম দিৱসৰ দিনাই ৰাজ্য চৰকাৰে জনপ্ৰিয় ঔপন্যাসিক য়েছে দৰজে ঠংচিক প্ৰদান কৰিলে 2020 বৰ্ষৰ চ্যুকাফা বঁটা । ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা অসম দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট সাহিত্যিক গৰাকীক 2020 বৰ্ষৰ চ্যুকাফা বঁটা প্ৰদান কৰে ।

কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকীকৈ ছাত্ৰ

কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত 5 গৰাকী ছাত্ৰ ৷ মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয় ৰাইজে ঘাইপথত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ৷

নিজ অধিকাৰৰ স্বাৰ্থত বিটিচিবাসীক ভোট দিবলৈ আহ্বান অনুপ চেতিয়াৰ

বাক্সা জিলাৰ শালবাৰীত বুধবাৰে আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়াই উপস্থিত হৈ বিটিচি নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ লগতে ভৱিষ্যতে ৰাজনীতিলৈ নাহে বুলি স্পষ্টকৈ উল্লেখ কৰে আলফাৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে ৷

বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত যতীন বৰা

বিটিচি মুদৈবুড়ি সমষ্টিত যতীন বৰা । বিজেপিয়ে বিটিচিত এইবাৰ পৰিবৰ্তন আনিব বুলি আশ্বাস যতীন বৰাৰ । কলাইগাঁও ৩৫নং মুদৈবুড়িত নিৰ্বাচনী সভাত একে লগে দেখা পোৱা গ'ল অভিনেতা যতীন বৰা আৰু কণ্ঠ শিল্পী বিদ্যাসাগৰক ।

একেখন হেলিকপ্টাৰত উঠি নিৰ্বাচনী প্ৰচাৰ ৰিপুন বৰা-আজমলৰ

বিটিচিৰ এক নং পৰ্বতঝৰা সমষ্টিৰ দেৱীতোলা অঞ্চলত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী দিলীপ কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হেলিকপ্টাৰ যোগে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা, কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.