ETV Bharat / city

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - top 10 at 11 am

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 11 am
পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 22, 2020, 11:02 AM IST

মহামাৰীৰ মাজতো অনুষ্ঠিত হ'ব নিৰ্বাচন, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশাৱলী জাৰী

মহামাৰীৰ সময়ত আগন্তুক সময়ত দেশত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্দেশাৱলী জাৰী কৰিছে ৷ ইভিএমত ভোট দিয়াৰ বাবে ভোটাৰক প্ৰদান কৰা হ'ব এবাৰ ব্যৱহৃত হাতমোজা ৷

প্ৰাক্তন আইএএছ ৰাজীৱ কুমাৰ দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰক ৷ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাই পদত্যাগ কৰাৰ পিচতেই কুমাৰক তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হয় ৷

গণেশ চতুৰ্থী : মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ চাহিদা বৃদ্ধি

মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ বৃদ্ধি পাইছে চাহিদা ৷ ৰাজস্থানৰ জয়পুৰৰ শিৱচৰন যাদৱে নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ মূৰ্তি ৷

শ্মশানস্থলীৰ দেৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

আমগুৰিত দহ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মিত শ্মশানস্থলীৰ সীমাৰ দেৱালত ব্যৱহৃত ইটা হাতেৰে চুলেই ভাঙি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

নাহৰফুটুকীৰ আক্ৰমণত নিহত শিশু

মহানগৰীৰ মালিগাঁৱৰ আদিনগিৰীত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু এটি ৬ বছৰীয়া শিশুৰ । মৃত শিশুটিৰ নাম শিৱম কুমাৰ বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি ঘৰৰ বাহিৰত বন্ধুৰে খেলি আছিল শিশুটিয়ে । তেনেতে ডিঙিত কামুৰি শিশুটিক চোঁচৰাই লৈ যায় এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে ।

গৃহ জিলাত জ্বলিল যতীন বৰাৰ পুত্তলিকা

অভিনেতা যতীন বৰাৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল গৃহ জিলাৰ ছাত্ৰ সমাজ । দাহ কৰিলে পুত্তলিকা । যতীন বৰাক সামাজিকভাৱে বৰ্জনৰ ঘোষণা ছাত্ৰ সমাজৰ ।

চুৰি সামগ্ৰী সহ ৭ জন গভাইত চোৰ আটক

বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য । বৰপেটাৰ বিভিন্ন ঠাইৰ পৰা ৭ গভাইত চোৰ আটক । চুৰি সামগ্ৰীসহ চাৰিখন বাইক উদ্ধাৰ ।

বৰপেটাত সমবায় সমিতিৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ

বৰপেটা জিলাৰ বিভিন্ন সমবায় সমিতিৰ চাউল চোৰাং বজাৰত বিক্ৰী কৰাৰ দাবী প্ৰমাণ কৰিলে দক্ষিণ ৰূপসী সমবায় সমিতিয়ে । চোৰাং বেপাৰীক বিক্ৰী কৰা চাউলসহ চাউল কঢ়িয়াই নিয়া গাড়ী জব্দ ।

কোকৰাঝাৰত পৃথকে পৃথকে উদ্ধাৰ দুটাকৈ মৃতদেহ

শুকুৰবাৰে কোকৰাঝাৰত উদ্ধাৰ হয় দুজনকৈ লোকৰ মৃতদেহ ৷ নিহত লোক দুজন ক্ৰমে গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত মেছপাৰা গাৱঁৰ প্ৰদীপ ৰায় আৰু পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাওঁ মলানদূবী গাৱঁৰ ৰহিম বাদচা শ্বেখ ৷

নিৰ্বাচনৰ পূৰ্বে বিটিচিত বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা

দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী সমিতিৰ ইনচাৰ্জ অশোক গয়াৰীৰ ঘৰত বৃহস্পতিবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে আক্ৰমণ চলায় তেওঁৰ ব্যক্তিগত বাহনখনৰ বিস্তৰ ক্ষতিসাধন কৰে । ঘটনাৰ আঁৰত বিপিএফ দল জড়িত আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ইউপিপিএলৰ নেতা অশোক গয়াৰীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.