ETV Bharat / city

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 11 AM

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 20, 2020, 11:09 AM IST

Updated : Aug 20, 2020, 1:04 PM IST

  1. ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

অৱশেষত ব্যক্তিগতখণ্ডৰ হাতলৈ গ'ল উত্তৰ-পুৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । আজি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ঘোষণা কৰি কয় যে, জয়পুৰ আৰু তিৰুৱানন্তপুৰম বিমানবন্দৰৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সহ 3 টাকৈ বিমানবন্দৰ আদানি গ্ৰুপক অৰ্পণ কৰা হৈছে ৷

2. ৰকিবুল হুছেইনৰ অনুষ্ঠানৰ কাষতে বাজি উঠিল "সকলোৰে আনন্দ সৰ্বানন্দ"

নিজৰ সমষ্টিতে অৱহেলিত হৈ ৰ'ল প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ৷ বুধবাৰে বিধায়ক গৰাকীয়ে চামগুৰি সমষ্টিৰ শালপাৰাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে অনুষ্ঠানৰ কাষত কোনো লোকে উচ্চ স্বৰত বজালে "সকলোৰে আনন্দ সৰ্বানন্দ" গীতটি ৷

3. জম্মু-কাশ্মীৰ এনকাউন্টাৰ : নিহত লস্কৰৰ কমাণ্ডাৰসহ তিনি উগ্ৰপন্থী

বুধবাৰে কাশ্মীৰত প্ৰতিৰক্ষা বাহিনীৰ হাতত নিহত হয় লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰসহ তিনি উগ্ৰপন্থী ৷

4. নগাঁৱত সাংবাদিকক আক্ৰমণ বিজেপি নেতা-কৰ্মীৰ

নগাঁৱৰ পাখিমৰিয়াত উত্তপ্ত পৰিস্থিতি । সুলভ মূল্যৰ দোকানক লৈ দুই ফৈদৰ সংঘাত । বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ বিজেপি নেতা-কৰ্মীৰ । বিজেপি নেতাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ ।

5. ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাবঃ পলাশবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন উপায়ুক্তৰ

মঙলবাৰে পলাশবাৰীত হৈ থকা ভয়ংকৰ গৰাখহনীয়া সন্দৰ্ভত ইটিভি ভাৰতে বাতৰি প্ৰকাশ কৰাৰ পাছতেই বুধবাৰে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কামৰূপ জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ ৷

6. বিজেপিৰ নৱ নিযুক্ত ৰাজ্যিক সম্পাদক তৰংগ গগৈক সম্বৰ্ধনা

দিঘলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ প্ৰায় ছয় শতাধিক ভোটাৰে বিজেপি নেতা তৰংগ গগৈৰ নেতৃত্বত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰি গেৰুৱা দলটোৰ ভেঁটি শক্তিশালী কৰে । ইয়াৰোপৰি, অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় বিজেপিৰ নৱ নিযুক্ত ৰাজ্যিক সম্পাদক তৰংগ গগৈক ৷

7. জাতীয়তাবাদী ৰাজনৈতিক দল: আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী

গঠন হোৱাৰ দিশে সদৌ অসম ছাত্ৰ সন্থাৰ বহু চৰ্চিত জাতীয়তাবাদী ৰাজনৈতিক দল ৷ ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজৰ বাবে গঠন হ’ল আছুৰ পৰামৰ্শদাতা সমিতি ৷ ড০ নগেন শইকীয়াক উপদেষ্টা হিচাপে লৈ গঠিত হোৱা সমিতিখনৰ ভিতৰত আছে ৰাজ্যখনৰ বহু বৰেণ্য ব্যক্তি ৷ এই সমিতিখনে প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক সমন্বয়কৰ দায়িত্ব প্ৰদান কৰিছে ৷

8. জম্মু-কাশ্মীৰৰ পৰা 10,000 অৰ্ধসামৰিক জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাৱে বলৱৎ হোৱাকৈ জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 10,000 জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ এবছৰ পিচত জম্মু-কাশ্মীৰৰ পৰিস্থিতি সুস্থিৰ বাবেই এই নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷

9. চেম্পিয়নছ লীগৰ ফাইনেলত পেৰিছ ছেইন্ট জাৰ্মেইন বনাম বেয়াৰ্ণ মিউনিখ

বুণ্ডেলছিগা চেম্পিয়ন বেয়াৰ্ণ মিউনিখে চেম্পিয়নছ লীগৰ দ্বিতীয় ছেমি ফাইনেলত লিয়নক 3-0 ব্যৱধানত পৰাস্ত কৰে ৷ উল্লেখ্য যে, জ'ছ আলভালাডে ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হৈছিল দ্বিতীয়খন ছেমি ফাইনেল ৷ এই জয়ৰ ফলত চেম্পিয়নছ লীগৰ ফাইনেলত দেখা পোৱা যাব পেৰিছ ছেইন্ট জাৰ্মেইন আৰু বেয়াৰ্ণ মিউনিখক ৷

10. প্ৰাগ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত সুমিত নাগাল

প্ৰাগ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত সুমিত নাগাল ৷ পৰাস্ত কৰে চেক গণৰাজ্যৰ জিৰি লেহেকাক ৷

Last Updated : Aug 20, 2020, 1:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.