ETV Bharat / city

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 11 am
পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 18, 2020, 10:59 AM IST

  1. এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

মঙলবাৰে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

2. অৱশেষত নিৰ্বাপনৰ দিশে বাঘজানৰ জুই

বাঘজানত স্থাপিত হ'ল বিশেষ BOP ৷ বিশেষভাৱে তৈয়াৰী BOPটো সফলতাৰে সংস্থাপন কৰা হয় ৷ 83 দিনৰ অন্তত বাঘজান তৈলক্ষেত্ৰৰ BGR-5ত BOP স্থাপনত সফল অইল কৰ্তৃপক্ষ ৷

3. পদ্মবিভূষণ সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান

ভাৰতীয় সাংস্কৃতিক জগতলৈ দুঃখবৰ ৷ 90 বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰসিদ্ধ সংগীত শিল্পী পণ্ডিত যশৰাজৰ ৷

4. ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড

ধুবুৰীৰ এখন বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । পাঁচখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত ৷

5. ‘কা’ আৰু ‘EIA’ ৰ বিৰুদ্ধে বিশ্বনাথত ব্যাপক প্ৰতিবাদ

‘‘নাগৰিকত্ব সংশোধনী আইন’’ আৰু ‘‘পৰিবেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020’’ ৰ সন্দৰ্ভত বিশ্বনাথত প্ৰতিবাদ অসম জাতীয়বাদী যুৱ ছাত্র পৰিষদৰ ৷

6. অসম আৰক্ষীক প্ৰশ্ন জুবিন গাৰ্গ ফেন ক্লাৱৰ

সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱে জুবিন গাৰ্গক অপদস্থ কৰা দুস্কৃতিকাৰীক আটক কৰিব নোৱাৰাৰ বাবে অসম আৰক্ষীক গৰিহণা দিয়াৰ লগতে অসম আৰক্ষীলৈ প্ৰক্ষেপ কৰিছে কেইবাটাও প্ৰশ্ন ৷

7. চীনৰ গুপ্তচৰৰ সন্দেহত আটক প্ৰাক্তন চিআইএ বিষয়া

1989 অৱসৰ গ্ৰহণৰ 12 বছৰৰ পিছত আলকজেণ্ডাৰ য়ুক ছিং মাই চীনৰ সুৰক্ষা মন্ত্ৰণালয়ৰ পাঁচগৰাকীকৈ বিষয়াক সাক্ষাৎ কৰিছিল ৷ এই সময়তেই তেখেতে দেশৰ সুৰক্ষাৰ বহু গুৰুত্বপূৰ্ণ তথ্য চীনক প্ৰদান কৰিছিল ৷

8. কাশ্মীৰৰ বাৰামুল্লাত সেনাৰ অভিযানত নিহত এলইটিৰ শীৰ্ষ বিষয়াসহ দুই সদস্য

জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে জনায় যে, সোমবাৰে বাৰামুল্লাৰ নাকা পাৰ্টীত চি আৰ পি এফ আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে ৷ এই আক্ৰমণত নিহত হয় দুজন চি আৰ পি এফৰ পেৰামিলিটাৰী সেনা ক্ৰমে লোকাছ শৰ্মা আৰু খুৰছিদ খান আৰু আৰক্ষী বিষয়া মুজাফৰ আহমেদ ৷

9. কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ নেপালৰ সৈতে ঠিয় দিছে ভাৰত

নেপালৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই ভাৰতে কিছুদিন পূৰ্বে নেপালৰ সেনাক প্ৰদান কৰিছিল জীৱনদায়িনী ভেন্টিলেটৰ প্ৰদান কৰিছিল ৷ শেহতীয়াকৈ ভাৰতে দেশখনলৈ প্ৰেৰণ কৰিছে 23 টন অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধ ৷

10. এয়াৰ ইণ্ডিয়াৰ ৫৭ পাইলটক অব্যাহতিৰ বিপৰীতে সহ বিমান প্ৰতিষ্ঠানত নিযুক্তি

মূল সংস্থা এয়াৰ ইণ্ডিয়াই ৫৭ গৰাকী বিমান চালকক অব্যাহতি দি টাৰ্মিনেশ্যন লেটাৰ জাৰি কৰাৰ পিছতেই এতিয়া এয়াৰ ইণ্ডিয়াৰ সহযোগী বিমান প্ৰতিষ্ঠান এলায়েঞ্চ এয়াৰে এয়াৰ কমাণ্ডাৰ আৰু প্ৰথম বিষয়া(First Officer)ৰ পদবী পূৰণৰ বাবে প্ৰকাশ কৰিছে এক বিজ্ঞাপন । ১৮ চেপ্তেম্বৰৰ পূৰ্বে এই নতুন নিয়োগ প্ৰক্ৰিয়াৰ হ'ব সমাপ্ত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.