বান বিধ্বস্ত পৰিয়ালক সংস্থাপন দিয়াৰ দাবী জনগোষ্ঠীয় সংগঠনৰ
জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত গালী চিকাৰী গাঁও পঞ্চায়তৰ গালীঘাট, জীয়াঢল,মুদৈ আদি গাঁৱৰ ১০৫ টা বানপানীত বিধ্বস্ত পৰিয়ালে চিমেন চাপৰি অঞ্চলৰ প'লিটেকনিক কলেজৰ সমীপত অৱস্থিত চৰকাৰী ভূমিত আশ্ৰয় গ্ৰহণ কৰি থকা দুৰ্ভগীয়া পৰিয়ালসকলক উক্ত স্থানতে সংস্থাপনৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক সংবাদমেলৰ জৰিয়তে দাবী জনায় ১৯ টাকৈ জনগোষ্ঠীয় সংগঠনে ৷
বোকাজানত বিধ্বংসী অগ্নিকাণ্ড
বোকাজানত বিধ্বংসী অগ্নিকাণ্ড ৷ নিমিষতে ছাই হ'ল তিনিখনকৈ দোকান ।
গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চোৰৰ পলায়ন
গোলাঘাটত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অঘটন ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে চোৰে ৷ গোলাঘাট নগৰৰ কেইবাটাও চুৰি ঘটনাৰ লগত জড়িত গভাইত চোৰ চাফিজুল আলিক ২০ আগষ্টত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ তদুপৰি চোৰটোৰ পৰা আৰক্ষীয়ে সোণ, ৰূপৰ অলংকাৰ, নগদ ধনৰ উপৰি বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰো কৰিছিল ।
কাৰিপুৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 20 গৰাকীলৈ বৃদ্ধি
ডুবাইৰ পৰা 190 গৰাকী যাত্ৰীসহ বিমানখন কাৰিপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুঘটনাত পতিত হৈছিল ৷ তাৰ পিচতেই ভৰিত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা 68 বছৰীয়া অৰবিন্দক্ষনৰ মৃত্যু হয় ৷
তেলেংগানাৰ ৰাসায়নিক কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড
তেলেংগানাৰ দুঙদীগলৰ বায়ু সেনা একাডেমীৰ কাষতে থকা ৰাসায়নিক কাৰখানাত শনিবাৰে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ঘটনাৰ ফলত কোনো হতাহত হোৱাৰ খৱৰ পোৱা নাই ৷
বাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ওভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে । কংগ্ৰেছী আমোলৰ তুলনাত অসমত ৭০ শতাংশ ব্যয় বৃদ্ধিৰ দাবী । বাজেট ব্যয় সম্পর্কে কিছুমান উদ্দেশ্য প্রণােদিত অপপ্রচাৰেৰে ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টিৰ অপচেষ্টাত বিৰোধী দলপতি দেৱব্রত শইকীয়া লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাজ্যিক বিজেপিৰ মুখপত্ৰ সুভাষ দত্তই।
বৰাক উপত্যকাত পুনৰ লক্ ডাউনৰ সম্ভাৱনা
বৰাক উপত্যকাত পুনৰ লক ডাউন ঘোষণাৰ সম্ভাৱনা ৷ কৰিমগঞ্জ জিলাৰ উপায়ুক্ত এম পি আম্বামুথানে জনাইছে এই সম্ভাৱনীয়তাৰ কথা ৷
পাকিস্তানৰ পতাকাৰ আৰ্হিত নিৰ্মিত চিলাসহ এজনক আটক
পাকিস্তানৰ পতাকাৰ আৰ্হিত নিৰ্মিত চিলা উদ্ধাৰ হৈছে ডিব্ৰুগড়ত ৷ এজন লোকে ৰাজপথেৰে নি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি গতাই দিয়ে আৰক্ষীক ।
অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে গৰ্গ চেটাৰ্জীয়ে
স্বৰ্গদেউ চ্যুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা কলকাতাৰ তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে ক্ষমা বিচাৰিছে অসমবাসীৰ ওচৰত ৷ শনিবাৰে নিজ টুইটাৰ একাউন্টযোগে এটি ভিডিঅ’ শ্বেয়াৰ কৰি তেখেতে অসমবাসীৰ আবেগক আঘাত কৰাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে ৷
জীয়াঢল নদীত নিখোজ দুই যুৱক
শনিবাৰে খানা খাবলৈ গৈ জীয়াঢল নদীত নিখোজ হয় দুই যুৱক ৷ নদীত গা ধুবলৈ নমাৰ সময়তে নিখোজ হয় যুৱক দুজন ৷