ETV Bharat / city

ক্ৰমাৎ অস্তিত্বহীন হৈ পৰিছে অগপ

author img

By

Published : Mar 26, 2022, 6:25 PM IST

আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত (GMC Election 2022) মাত্ৰ কেইটামান ৱার্ডহে প্ৰতিদ্বন্দ্বিতাৰ বাবে অগপক মিত্ৰদল বিজেপিয়ে এৰি দিয়াৰ সম্ভাৱনা আছে । দুয়োটা দলে অনানুষ্ঠানিকভাৱে সদৰী কৰা অনুসৰি পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিৰ ৱার্ডসমূহৰ ভিতৰত বিজেপিয়ে অগপক এটাকৈ ৱার্ড এৰি দিব ।

the-number-of-agp-seats-will-shrink-in-gmc-elections
ক্ৰমাৎ অস্তিত্বহীন হৈ পৰিছে অগপ

গুৱাহাটী, 26 মাৰ্চ : বিজেপিৰে মিত্ৰতা কৰি চৰকাৰত থকাৰ সুবিধা পোৱা অগপ ক্ৰমাৎ অস্তিত্বহীন হৈ পৰিছে । লাহে লাহে নিজস্বতা নোহোৱা হৈ পৰিছে অগপৰ । জানিব পৰা মতে, শেহতীয়া পৌৰ সভাৰ নিৰ্বাচন (Municipal Election 2022) ত অস্তিত্বহীন হৈ পৰা অগপৰ আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC Election 2022) তো সংকুচিত হ'ব আসনৰ সংখ্যা ।

60 টা ৱার্ড থকা গুৱাহাটী পৌৰ নিগমৰ মাত্ৰ 6 টা নাইবা 7 টা ৱার্ডহে প্ৰতিদ্বন্দ্বিতাৰ বাবে অগপক মিত্ৰদল বিজেপিয়ে এৰি দিয়াৰ সম্ভাৱনা আছে । এই মুহূর্তত অগপক এৰি দিব লগা ৱাৰ্ডৰ তথ্য বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও অগপৰ এগৰাকী শীৰ্ষ নেতাই সদৰী কৰা অনুসৰি 7 টা ৱার্ড অগপক এৰি দিয়াৰ সম্ভাৱনা আছে ।

ইফালে অগপৰ এই দাবীৰ পৰিৱৰ্তে বিজেপিয়ে মাত্ৰ 5 টা বা 6 টা ৱার্ডহে অগপক এৰি দিব বিচাৰে । যাৰ পৰিপ্ৰেক্ষিতত এই পর্যন্ত আসন ভাগ-বাটোৱাৰাৰ বিষয়টো অমীমাংসিত হৈয়েই ৰৈছে । দলীয় সূত্ৰসমূহৰ মতে দুই-এদিনৰ ভিতৰত দুয়োটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব লগা ৱাৰ্ডৰ সংখ্যা চূড়ান্ত কৰিব ।

দুয়োটা দলে অনানুষ্ঠানিকভাৱে সদৰী কৰা অনুসৰি পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিৰ ৱার্ডসমূহৰ ভিতৰত বিজেপিয়ে অগপক এটাকৈ ৱার্ড এৰি দিব । দিছপুৰ সমষ্টিৰ 59 নং ৱাৰ্ড আৰু পূব গুৱাহাটী সমষ্টিৰ 33 নং ৱার্ড অগপক এৰি দিব । বিপৰীতে পশ্চিম গুৱাহাটী সমষ্টিৰ 5 টা ৱার্ড অগপক এৰি দিব বুলি আঞ্চলিক দলটোৰ এক শীর্ষ সূত্ৰই জানিবলৈ দিছে ।

অগপৰ এই দাবীৰ বিপৰীতে পশ্চিম গুৱাহাটীত অগপক চাৰিটা ৱার্ডহে এৰি দিয়া হ'ব বুলি বিজেপিয়ে দাবী কৰিছে । 1, 11, 12, আৰু 13 নম্বৰ ৱার্ডকেইটা অগপক এৰি দিব বুলি অনানুষ্ঠানিকভাৱে বিজেপিয়ে দাবী কৰিছে । পশ্চিম গুৱাহাটী সমষ্টি অগপৰ দখলত থকা বাবে তাত চাৰিটা বা পাঁচটা ৱার্ড অগপক এৰি দিব ।

ইফালে জালুকবাৰী সমষ্টিৰ অধীনত কেইটামান ৱার্ড আছে যদিও তাত বিজেপিয়ে এটাও ৱার্ড অগপক এৰি দিব বিচৰা নাই । জানিব পৰা মতে অগপও জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা নাই । অগপৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনটোত অগপই 10 টাৰ পৰা 15 টা ৱাৰ্ড বিচাৰিছিল ।

কিন্তু অগপৰ এই প্ৰস্তাৱ বিজেপিয়ে পোনছাতেই নাকচ কৰে । দল দুটাৰ মাজত হোৱা কেইবালানিও আলোচনাৰ অন্তত অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগা ৱাৰ্ডৰ সংখ্যা 7 টালৈ হ্ৰাস পায় যদিও বিজেপিয়ে সেই 7 টা ৱাৰ্ডো এৰি দিবলৈ বিচৰা নাই । অর্থাৎ এটা ৱার্ডক লৈ দল দুটাৰ মাজত এতিয়াও জটিলতা অব্যাহত আছে ।

ইফালে এটা ৱাৰ্ডৰ বিষয়টো অমীমাংসিত হৈ আছে যদিও বিজেপিয়ে প্ৰার্থী তালিকা প্ৰস্তুত কৰিছে । দুই-এদিনতে বিজেপিয়ে প্ৰার্থী তালিকা প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে । ইফালে ৱার্ড ভিত্তিত নিযুক্তি দিয়া পর্যবেক্ষকসকলে সকলো দিশ চালি-জাৰি চাই কাক প্ৰাৰ্থিত্ব দিয়া উচিত সেই বিষয়ে দলক পৰামৰ্শ আগবঢ়োৱাৰ পাছত প্ৰার্থীৰ তালিকা সাজু কৰা হৈছে । ইফালে আঞ্চলিক দল অগপও প্ৰার্থী তালিকা চূড়ান্ত কৰিছে । 28 মার্চত অগপই প্ৰার্থী তালিকা প্ৰকাশ কৰিব বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : দিছপুৰে দিয়া নাই চাৰি কোটি: চৰম বিত্তীয় সংকটত আলফা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.