গুৱাহাটী, 20 মে’: গুৱাহাটীৰ জাপৰিগোগস্থিত কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Murder in Guwahati) । ঘৰৰ মালিকক দাৰে ঘপিয়াই হত্যা কৰিলে ভাড়াতীয়াই । বিক্ৰমপুৰৰ ৪৫ নম্বৰ বাসগৃহত মালিক হেমধৰ বৰুৱাক দাৰে ঘপিয়াই হত্যা কৰিলে এগৰাকী ভাড়াতীয়াই (Tenant allegedly kills landlord in Guwahati) ৷
এই লোমহৰ্ষক হত্যাকাণ্ডত নিহত হোৱা হেমধৰ (৭৫) বৰুৱা এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী বুলি জানিব পৰা গৈছে । বাসগৃহটোৰ ওপৰ মহলাত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত হেমধৰ বৰুৱাক প্ৰত্যক্ষ কৰে পত্নীয়ে । জানিব পৰা মতে, ধৰণী ডেকা নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে ঘৰৰ মালিক হেমধৰ বৰুৱাক ।
হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰি ধৰণী ডেকাই দিছপুৰ থানাত আত্মসমৰ্পন কৰে । উল্লেখ্য যে, হেমধৰ বৰুৱাই ধৰণী ডেকাৰ পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । হেমধৰ বৰুৱাক হত্যা কৰি ঘৰৰ চাদৰ চুকত পেলাই থৈ ধৰণী ডেকাই থানাত আত্মসমৰ্পন কৰে ।
জানিব পৰা মতে পত্নীৰ সৈতে থকা হেমধৰ বৰুৱাৰ পুত্ৰ বোৱাৰী থাকে বাংগালোৰত । চৌহদটোত দুটা ভাড়াতীয়া পৰিয়াল থাকে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে । ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰণী ডেকাক । ইফালে জানিব পৰা মতে হত্যাকাৰী ধৰণী ডেকা গুৱাহাটীস্থিত এটা ব্যক্তিগত নিউজ চেনেলত ডি টি পি অপাৰেটৰ হিচাপে কাম কৰি আছিল ।
লগতে পঢ়ক : যোৰহাট মেডিকেল কলেজ হাস্পতালৰ ICU ত চোৰৰ টিঘিল-ঘিলনী