ETV Bharat / city

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আক্ৰমণৰ লক্ষ্য কৰাটো গ্ৰহণযোগ্য নহয়ঃ হিমন্ত বিশ্ব শৰ্মা - মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ত সুধাকণ্ঠক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ত সুধাকণ্ঠক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানতে সাংবাদিকৰে হোৱা মুখামুখিত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মন্ত্ৰীজনে ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আক্ৰমণৰ লক্ষ্য কৰাটো গ্ৰহণযোগ্য নহয়ঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Nov 5, 2019, 7:16 PM IST

গুৱাহাটী, 5 নৱেম্বৰঃ আজি সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যুবাৰ্ষিকী ৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়তো স্মৰণ সুধাকণ্ঠক ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এই অনুষ্ঠানতে সাংবাদিকৰে হোৱা মুখামুখিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে মন্ত্ৰীজনে ৷ তেওঁ ৰাজ্যজুৰি হোৱা CAB বিৰোধী আন্দোলনক সম্পৰ্কে কয় যে, আন্দোলন কৰাসকলে কৰিবই তাত আমি কোনো বাধা দিব নোৱাৰো ৷ এই কথাৰ পৰা এইটো ইংগিত বহন কৰিছে যে তীব্ৰ প্ৰতিবাদকো আওঁকান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত চৰকাৰ নিজৰ অটল ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আক্ৰমণৰ লক্ষ্য কৰাটো গ্ৰহণযোগ্য নহয়ঃ হিমন্ত বিশ্ব শৰ্মা

আনহাতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এন আৰ চিক জাতিটোৰ তথ্য সম্বলিত এটা সম্পদ বুলি কৰা মন্তব্যৰ পিছতে শাসক পক্ষৰ একাংশই তেওঁক তীব্ৰ বাক্যবাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ এই বিষয়ৰ সন্দৰ্ভত মন্ত্ৰী হিমন্তই মুখ্য ন্যায়াধীশগৰাকীক আক্ৰমণৰ লক্ষ্য কৰাটো গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য প্ৰদান কৰে ৷

আৰু পঢ়কঃ সাত ফুট দীঘল কফিনত সুধাকণ্ঠৰ নশ্বৰ দেহৰ প্ৰতিমূৰ্তি

Intro:আজি বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ অষ্টম সংখ্যক মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ত স্মৰণ কৰা হৈছে মানৱতাৰ গীত গাই যোৱা শিল্পীগৰাকীক। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানতে সাংবাদিকৰে মুখামুখি কেব সন্দৰ্ভত মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্তই। কেব বিৰোধী আন্দোলনক উপলুঙা কৰি কয় যে আন্দোলন কৰিব লাগিব, সেইটো দৰকাৰ। আন্দোলন কৰাত কাৰো আপত্তি নাই। এই কথাৰ পৰাই ড০ শৰ্মাই স্পষ্ট কৰি দিলে যে অসমীয়াই জাতি ৰক্ষাৰ ক্ষেত্ৰত যিমানেই প্ৰতিবাদ নকৰক কিয় নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো খাটাং। তাৰোপৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এন আৰ চি জাতিটোৰ তথ্য সম্বলিত এটা সম্পদ। সেই মন্তব্যৰ পিছতে মুখ্য ন্যায়াধীশগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল শাসকীয় পক্ষৰ একাংশই। কিন্তু মুখ্য ন্যায়াধীশগৰাকীক আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহয় বুলি কয় মন্ত্ৰী হিমন্তই।Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.