ETV Bharat / city

চুপাৰী ট্ৰাক চালকৰ বিস্ফোৰণঃ চাংসাৰীৰ পৰা আৰম্ভ হয় চুপাৰী চিণ্ডিকেট

বুধবাৰে নিশা জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 27 খনকৈ চুপাৰীভৰ্তি ট্ৰাক ৷ মিজোৰামৰ পৰা পশ্চিম বংগলৈ গৈ থকা অৱস্থাতেই জব্দ হয় ট্ৰাককেইখন । মহানগৰ আৰক্ষীয়ে ট্ৰাককেইখন জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।

চাংসাৰীৰ পৰা আৰম্ভ হয় চুপাৰী চিণ্ডিকেট
author img

By

Published : Aug 22, 2019, 7:58 PM IST

গুৱাহাটী,22আগষ্টঃ ৰাজ্যত বৰ্তমানো অব্যাহত চুপাৰী চিণ্ডিকেট। নিশা হ'লেই মহানগৰীৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় বাৰ্মিজ চুপাৰী। নিশা জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 27 খনকৈ চুপাৰীভৰ্তি ট্ৰাক। ইফালে জব্দকৃত ট্ৰাকৰ চালকে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে বিস্ফোৰক মন্তব্য। ট্ৰাকসমূহৰ পৰা আৰক্ষীৰ লোকে সংগ্ৰহ কৰে ধন। প্ৰতিখন ট্ৰাকে ২০০-৫০০টকা পৰ্যন্ত দিব লাগে আৰক্ষীক। চাওক এক প্ৰতিবেদনঃ

চুপাৰী ট্ৰাক চালকৰ বিস্ফোৰণঃ চাংসাৰীৰ পৰা আৰম্ভ হয় চুপাৰী চিণ্ডিকেট

গুৱাহাটী,22আগষ্টঃ ৰাজ্যত বৰ্তমানো অব্যাহত চুপাৰী চিণ্ডিকেট। নিশা হ'লেই মহানগৰীৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় বাৰ্মিজ চুপাৰী। নিশা জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 27 খনকৈ চুপাৰীভৰ্তি ট্ৰাক। ইফালে জব্দকৃত ট্ৰাকৰ চালকে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে বিস্ফোৰক মন্তব্য। ট্ৰাকসমূহৰ পৰা আৰক্ষীৰ লোকে সংগ্ৰহ কৰে ধন। প্ৰতিখন ট্ৰাকে ২০০-৫০০টকা পৰ্যন্ত দিব লাগে আৰক্ষীক। চাওক এক প্ৰতিবেদনঃ

চুপাৰী ট্ৰাক চালকৰ বিস্ফোৰণঃ চাংসাৰীৰ পৰা আৰম্ভ হয় চুপাৰী চিণ্ডিকেট
Intro:ৰাজ্যত বৰ্তমানো অব্যাহত চুপাৰী চিণ্ডিকেট। নিশা হ'লেই মহানগৰীৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় বাৰ্মিজ চুপাৰী। যোৱা কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হোৱা পিছতেই তৎপৰ হৈছে মহানগৰ আৰক্ষী।


Body:নিশা জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ৩০খনকৈ চুপাৰীভৰ্তি ট্ৰাক। মিজোৰামৰ পৰা পশ্চিম বংগলৈ গৈ থকা অৱস্থাতেই জব্দ হয় ট্ৰাককেইখন। মহানগৰ আৰক্ষীয়ে ট্ৰাককেইখন জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। ইফালে জব্দকৃত ট্ৰাকৰ চালকে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে বিস্ফোৰক মন্তব্য। ট্ৰাকসমূহৰ পৰা আৰক্ষীৰ লোকে সংগ্ৰহ কৰে ধন। প্ৰতিখন ট্ৰাকে ২০০-৫০০টকা পৰ্যন্ত দিব লাগে আৰক্ষীক। কামৰূপৰ চাংসাৰীৰ পৰা আৰম্ভ হয় ধন সংগ্ৰহৰ মূল কাৰবাৰ। নিশা এখন বলেৰ' বাহনত অহা খাকী পোছাকধাৰীয়ে সংগ্ৰহ কৰে এই ধন। এই ধন নিদিলে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰে ট্ৰাকৰ চালক-হেণ্ডিমেনসকলক।


Conclusion:মুঠৰ ওপৰত চুপাৰী চিণ্ডিকেট যে চলি আছে সেয়া পুণৰবাৰ প্ৰমাণ হ'ল এইসকল চালকৰ ভাষ্যত। এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ'ব।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.