ETV Bharat / city

হেঙেৰাবাৰীত উন্মোচন বিজেপি বাৰ্তা

author img

By

Published : Jun 2, 2020, 6:06 PM IST

হেঙেৰাবাৰী বিজেপি কাৰ্য্যালয়ত সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত উন্মোচন বিজেপি বাৰ্তা । অনুষ্ঠানত উপস্থিত আছিল সভাপতি ৰঞ্জিত দাস,সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মাকে ধৰি দলীয় কৰ্মী। আনুষ্ঠানিকভাৱে 42 সংখ্যক বিজেপি বাৰ্তাখন উন্মোচন কৰে সাংসদ তথা বিজেপি সাধাৰণ সম্পাদক শ্ৰীযুত দিলীপ শইকীয়া ।

হেঙেৰাবাৰীত উন্মোচন বিজেপি বাৰ্তা
হেঙেৰাবাৰীত উন্মোচন বিজেপি বাৰ্তা

গুৱাহাটী, 2 জুন : হেঙেৰাবাৰী বিজেপি কাৰ্য্যালয়ত সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত উন্মোচন কৰা হয় বিজেপিৰ মুখপত্ৰ বিজেপি বাৰ্তা। 42 সংখ্যক বিজেপি বাৰ্তাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাংসদ তথা বিজেপি সাধাৰণ সম্পাদক শ্ৰীযুত দিলীপ শইকীয়াই ৷ এই অনুষ্ঠানত উপস্থিত আছিল সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মাকে ধৰি দলীয় কৰ্মী ।

হেঙেৰাবাৰীত উন্মোচন বিজেপি বাৰ্তা

এই অনুষ্ঠানতে বাৰ্তা উন্মোচনৰ সৈতে জড়িত থকা দলীয় কৰ্মীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে সভাপতি ৰঞ্জিত দাসে । 2020 বৰ্ষত ৰাইজৰ বাবে 60 হাজাৰ বিজেপি বাৰ্তা উন্মোচন কৰাৰ লগতে অনাগত দিনত ৰাইজৰ বাবে 2 লাখতকৈ অধিক বিজেপি বাৰ্তা উন্মোচন কৰা হ'ব বুলি জানিবলৈ দিলে সভাপতিগৰাকীয়ে । আনহাতে উন্মোচক তথা সাংসদ দিলীপ শইকীয়াই জানিবলৈ দিয়া অনুসৰি 2021 বৰ্ষৰ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি তুংগত ৰাখিছে বিজেপিয়ে । 2016 বৰ্ষত যেতিয়া বিজেপি শাসনলৈ আহিছিল তেতিয়াৰ পৰাই 2021 চনৰ নিৰ্বাচনৰ বাবে কাম কৰি আছিল দলীয় কৰ্মীয়ে, এই কথা ক'লে দিলীপ শইকীয়াই ।

লগতে চাওকঃ শ্ৰীৰামপুৰত তালাচী চকীত হ্ৰাস পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.