ETV Bharat / city

কিমান সুৰক্ষিত গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ !

গেৰুকামুখত নিৰ্মাণ হৈ থকা NHPCৰ নদীবান্ধক লৈ বিগত সময়ছোৱাত প্ৰৱল প্ৰতিবাদ সাব্যস্ত হৈ আহিছে ৷ বান্ধটোৰ ফলত হ'বপৰা ক্ষতিৰ বিষয়ে চৰকাৰক বাৰে বাৰে অৱগত কৰি অহা হৈছে যদিও বিভিন্ন সময়ত চৰকাৰে চল-চক্ৰান্ত কৰি একমাত্ৰ মুনাফা লাভৰ বাবেই ইয়াৰ নিৰ্মাণত অনুমতি প্ৰদান কৰিছে ৷

author img

By

Published : May 28, 2020, 12:00 AM IST

গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ
গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ

ধেমাজি, 27 মে' : কিমান সুৰক্ষিত ৰাজ্যত নিৰ্মাণ হৈ থকা বৃহৎ বৃহৎ নদীবান্ধসমূহ ? ৰাইজে এই প্ৰশ্ন লৈ কৰা প্ৰতিবাদ আৰু বিক্ষোভক আঁওকান কৰি বিগত সময়ত চৰকাৰে অনুমতি প্ৰদান কৰিছিল কেবাটাও বৃহৎ নদীবান্ধ ৷ ইয়াৰ ভিতৰত অন্যতম আছিল গেৰুকামুখত হৈ থকা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ ৷ কৃষক-মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ ছাত্ৰ-সংগঠন আৰু অৰাজনৈতিক সামাজিক সংগঠনৰ লগতে সচেতন জনতাই ইয়াৰ বিৰোধ কৰি আহিছে ৷

মুল নদীবান্ধটোৰ এক দৃশ্য
মুল নদীবান্ধটোৰ এক দৃশ্য

বিভিন্ন সময়ত ৰাইজ তথা দল-সংগঠনৰ লগতে সামাজিক কৰ্মীসকলৰ দাবীক আঁওকান কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশক অমান্য কৰি নিৰ্মাণ কৰি থকা হৈছে এই বৃহৎ নদীবান্ধ ৷ কিন্তু প্ৰশ্ন উত্থাপন হয় কিমান সুৰক্ষিত এই বৃহৎ নদীবান্ধ ৷ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ-পাৰৰ ৰাইজৰ বাবে কিমান ক্ষতিকাৰক এই নদীবান্ধ ? এই সকলো প্ৰশ্নৰ উত্তৰ তলত দিয়া দৃশ্যাংশই আপোনাক প্ৰদান কৰিব ৷ ভালকৈ চাওঁক এই দৃশ্যাংশ........

গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ

দৰাচলতে এয়া নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ এক দৃশ্য ৷ যি দৃশ্য নিজ চকুৰে দেখিলে বিশ্বাস কৰিব নোৱাৰি ৷ বিগত কিছুদিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখস্থিত এই নিৰ্মীয়মান নদীবান্ধৰ মূলবান্ধটোৰ কাষতে এইদৰে খহনীয়া সৃষ্টি হৈছে ৷ প্ৰৱল বৰষুণৰ ফলত NHPCয়ে নিৰ্মাণ কৰা মূল বান্ধৰ সমীপৰ পাহাৰত সৃষ্টি হোৱা খহনীয়াৰ ফলত এইদৰে ধাৰাসাৰে বৈ আহিছে নৈৰ পানী ৷ সম্প্ৰতি ইয়াকে লৈ ৰাইজৰ মাজত উঠিছে তীব্ৰ আলোড়নৰ ৷ এই দৃশ্যাংশৰ পৰা সহজে অনুমেয় যে কিমান নিৰাপদ গেৰুকামুখত নিৰ্মীয়মান বৃহৎ নদীবান্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.