গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাত সৱল স্থিতি দাঙি ধৰাৰ পিচত গুৱাহাটীত আহি উপস্থিত হোৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ চাংমাক উষ্ম আদৰণি জনায় কেইবাশতাধিক লোকে ।
বিমানবন্দৰত উপস্থিত হৈ এই জয় উত্তৰ-পূববাসী ৰাইজৰ জয়, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিবাদী কন্ঠত দিল্লীৰ কন্ঠ ৰুদ্ধ বুলি মন্তব্য কৰে কনৰাদ চাংমাই ।