ETV Bharat / city

মহানগৰীৰ মাজিৰিগাঁৱত বানাক্ৰান্তৰ পথ অৱৰোধ - undefined

মাজিৰিগাঁৱত উত্তপ্ত পৰিস্থিতি ৷ বানাক্ৰান্ত অৱৰোধ কৰিলে ৰাজ্যিক পথ ৷ উপস্থিত আৰক্ষী,চি আৰ পিএফ,বীৰাংগনাৰ দল ৷

মহানগৰীৰ মাজিৰিগাঁৱত বানাক্ৰান্তৰ পথ অৱৰোধ
author img

By

Published : Jul 18, 2019, 6:54 PM IST

গুৱাহাটী,18 জুলাইঃ মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাঁৱত বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে ৰাজ্যিক পথ ! ধাৰাপুৰ-পলাশবাৰী সংযোগী ৰাজ্যিক পথ অৱৰোধ কৰিলে স্থানীয় বানাক্ৰান্ত লোকে। গড়ল পঞ্চায়তৰ একাংশ লোকে পথটোৰ দাঁতিত থকা নলাটো বন্ধ কৰি দিয়াত বানত বুৰ গৈছে মাজিৰিগাঁও পঞ্চায়তৰ মাজিৰিগাঁও,বৰুৱাপাৰা,ৰাজাপাৰা,হাতীপাৰা আদি গাঁও ৷

ফলত নলাটোৰ মুকলি কৰি দিয়াৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ক্ষোভিত ৰাইজে ৷ আনকি স্থানীয় লোকে উভতাই পঠিয়াই বান সাহায্যও। স্থানীয় লোকে বান সাহায্য নালাগে,নলা-নৰ্দমা মুকলি কৰি দিয়ক,আজাৰা চক্ৰ বিষয়া মুৰ্দাবাদ আদি ধব্বনিৰে উত্তাল কৰি তোলে মাজিৰগাঁৱৰ অঞ্চল। উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত আজাৰা আৰক্ষী,মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে অতিৰিক্ত জিলা উপায়ুক্ত খীতিশ পেগু উপস্থিত হয় ৷

মহানগৰীৰ মাজিৰিগাঁৱত বানাক্ৰান্তৰ পথ অৱৰোধ

অৱশেষত গুৱাহাটীৰ অতিৰিক্ত জিলা উপায়ুক্তৰ উপস্থিতিত পথচোৱা মুকলি কৰি দিয়া হয়। ক্ষোভিত ৰাইজে প্ৰায় ৪ ঘন্টা ধৰি বন্ধ কৰি ৰাখে ৰাজ্যিক পথছোৱা ৷ ফলত আৱদ্ধ হৈ পৰে বহু যানবাহন ।

Intro:মহানগৰীৰ মাজিৰিগাওত বানাক্ৰান্তৰ পথ অৱৰোধ । উত্তপ্ত পৰিস্থিতিৰ বাবে আৰক্ষী,চিআৰপিএফ,বীৰাংগনাৰ দল মোটেয়ন ।Body:Vo..এইবাৰ বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে ৰাজ্যিক পথ ! মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাওত বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে পথ । ধাৰাপুৰ-পলাশবাৰী সংযোগী ৰাজ্যিক পথ অৱৰোধ কৰি দিলে স্থানীয় বানাক্ৰান্ত লোকে । একাংশ লোকে নলা-নৰ্দমা বন্ধ কৰি দিয়াত এটি অঞ্চল বুৰি যোৱাত স্থানীয় লোকে বন্ধ কৰি দিলে পথচোৱা । গড়ল পঞ্চায়তৰ একাংশ লোকে পথৰটোৰ দাতিত থকা নলা-নৰ্দমা বন্ধ কৰি দিয়াৰ ফলত মাজিৰিগাও পঞ্চায়তৰ মাজিৰিগাও,বৰুৱাপাৰা,ৰাজাপাৰা,হাতীপাৰা আদি গাওসমুহত পানীত বুৰ যোৱাত স্থানীয় একাংশ ৰাইজে নলা মুকলি কৰি দিছিল যদিও গড়লৰ একাংশ লোকে বন্ধ কৰি দিয়ে নলাসমুহ যাৰ ফলত অঞ্চলটোৰ পৰা ওলাই যাব লগা পানীসমুহ পুনৰ আৱদ্ধ হৈ ৰয় । আনহাতে এই নলা বৃহৎআকাৰে খাণ্ডি দিয়াৰ ফলত বুৰ যাব পাৰে গড়ল,ধাৰাপুৰৰ অঞ্চলসমুহ । আনকি স্থানীয় বানাক্ৰান্ত লোকসকলে নলা-নৰ্দমা।মুকলাই নিদিয়াৰ ফলত উভতাই পঠায় বানসাহাৰ্য্য ।

Bite1..স্থানীয় লোক ।

নলা-নৰ্দমা মুকলাই নিদিয়াৰ প্ৰতিবাদত স্থানীয় লোকে বান সাহাৰ্য্য নালাগে,নলা-নৰ্দমা মুকলি কৰি দিয়ক,আজাৰা চক্ৰ বিষয়া মুন্দাৰ্বাদ আদি ধব্বনিৰে উত্তাল কৰে মাজিৰগাওৰ অঞ্চল । উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলিত আজাৰা আৰক্ষী,মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে অতিৰিক্ত জিলা উপায়ুক্ত খিটিছ পেগু উপস্থিত হোৱাৰ লগতে মোতায়েন কৰে আৰক্ষী,চি আৰ পি এফ,বীৰাংগনাৰ দল । নলা-নৰ্দমা বন্ধ কৰি থোৱাত স্থানীয় লোক আৰক্ষী আৰু আজাৰা চক্ৰ বিষয়াৰ মাজত এক বাক-বিতংকাৰো সৃষ্টি হয় । অৱশেষত গুৱাহাটীৰ অতিৰিক্ত জিলা উপায়ুক্তৰ উপস্থিতিত পথচোৱা মুকলি কৰি দিয়া হয় ।

Bite2..অতিৰিক্ত জিলা উপায়ুক্ত ।

Conclusion:উল্লেখ্য ৰাইজে এই ৰাজ্যিক পথটো প্ৰায় ৪ ঘন্টা ধৰি বন্ধ কৰি ৰাখে যাৰফলত আৱদ্ধ হৈ পৰিছিল বহুতো যানবাহন ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.