ৰঙিয়া,21 মে': 21 মে' অৰ্থাৎ শুকুৰবাৰৰ পৰা সমগ্ৰ অসমতে বন্ধ হৈ পৰিছে আন্তঃজিলা যাতায়াত ৷ অইন জিলাৰ দৰে ৰঙিয়া আৰক্ষী আৰু প্ৰশাসনৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা ৷ ৰঙিয়াৰ বিভিন্ন ঠাইত যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ গঢ়ি তোলা হৈছে বেৰিকেড ৷
ৰঙিয়া আৰক্ষীয়ে তন্ন-তন্নকৈ পৰীক্ষা কৰিছে যান-বাহনৰ সকলো নথিপত্ৰ ৷ উল্লেখ্য যে, ৰঙিয়াত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত ৰঙিয়াৰ প্ৰশাসনে ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷
ৰঙিয়াত এতিয়ালৈকে 761 গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 12 গৰাকীকৈ কৰ’ণাত আক্ৰান্ত লোকৰ মৃত্যু হৈছে ৷ লক্ষণীয় বিষয় যে, ৰঙিয়া মহকুমাৰ অন্তৰ্গত প্ৰতিষেধক কেন্দ্ৰসমূহত প্ৰতিষেধকৰ নাটনিৰ বাবে অনলাইন আৰু অফলাইনত নাম পঞ্জীয়ন কৰা লোকসকলে উভতি যাবলগা হৈছে ৷
লগতে পঢ়ক : ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?