ETV Bharat / city

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি সম্পৰ্কে জ্ঞাত নহয় মুখ্য কাৰিকৰী বিষয়া

author img

By

Published : May 29, 2020, 11:49 PM IST

লক ডাউনৰ মাজতে জনস্বাস্থ্য কাৰিকৰী বিভাগত ২৫ কোটি টকাৰ কেলেংকাৰীৰ এক অভিযোগ উত্থাপিত হৈছে । নিবিদা আবেদনৰ ৪ দিন পিছতে ঠিকাদাৰে কাম সম্পূৰ্ণ হোৱা বুলি বিল দাখিল কৰিলে । আচৰিত কথা এই বৃহৎ কেলেংকাৰী সম্পৰ্কে জ্ঞাত নহয় মুখ্য কাৰিকৰী বিষয়া ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি

গুৱাহাটী, 29 মে' : লকডাউনৰ মাজতে জনস্বাস্থ্য কাৰিকৰী বিভাগত ২৫ কোটি টকাৰ কেলেংকাৰীৰ এক অভিযোগ উত্থাপিত হৈছে । নিবিদা আবেদনৰ ৪ দিন পিছতে ঠিকাদাৰে কাম সম্পূৰ্ণ হোৱা বুলি বিল দাখিল কৰি সকলো কাম সম্পূৰ্ণ হোৱাৰ তথ্য সম্পৰ্কে জ্ঞাত নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্য কাৰিকৰী বিষয়াই ।

বিগত ২৬ মাৰ্চত জনস্বাস্থ্য কাৰিকৰী বিভাগত দাখিল কৰা হৈছিল এখন বিল । উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১ নং উপ সংমণ্ডলত ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ অধীনত ২৫ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই আঁচনিৰ অধীনত কৰিবলগীয়া বিভিন্ন কামৰ বাবে যোৱা ২২ মাৰ্চত নিবিদা আবেদন কৰা হৈছিল যদিও আশ্বৰ্য্যজনকভাৱে ঠিকাদাৰে মাত্ৰ চাৰি দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰি লকডাউনৰ মাজতে ২৬ মাৰ্চত দাখিল কৰিছিল বিল ।

ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা শ্যামন্ত দাস

এই সম্পূৰ্ণ কেলেংকাৰীত নাম সাঙোৰ খাইছে ঠিকাদাৰ শুভ্ৰ ৰয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১ নং উপ সংমণ্ডলৰ কাৰ্যকৰী কাৰিকৰী বিষয়া দিগন্ত বৰুৱাৰ নাম । এই বৃহৎ কেলেংকাৰীৰ লগত ঠিকাদাৰ শুভ্ৰ ৰয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১ নং উপ সংমণ্ডলৰ কাৰ্যকৰী কাৰিকৰী বিষয়া দিগন্ত বৰুৱাৰৰ লগতে নাম সাঙোৰ খাইছে ভুৱা ঠিকাদাৰ মানবেন্দ্ৰ শৰ্মা, আতাউৰ ৰহমান আৰু কুলদ্বীপ বায়নৰ নামো । কিন্তু দুদিন পূৰ্বে বিভাগৰ কাৰ্যভাৰ গ্ৰহণ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰিকৰী বিষয়া মুনিন কুমাৰ দাস জ্ঞাত নহয় এই কেলেংকাৰী সন্দৰ্ভত । অৱশ্যে চৰকাৰে তদন্তৰ নিৰ্দেশ দিলে যদি কেলেংকাৰী সংঘটিত হৈছে তেন্তে তদন্ত কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্য কাৰিকৰী বিষয়া গৰাকীয়ে ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰিকৰী বিষয়া মুনিন কুমাৰ দাস

এতিয়া প্ৰশ্ন হ'ল দুৰ্নীতি বিৰোধী শ্লোগান দি থকা সোণোৱাল চৰকাৰে কি ব্যৱস্থা ল'ব এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে ? তদন্ত হ'ব নে এই কেলেংকাৰীৰ ? বৰ্তমানলৈকে এই কেলেংকাৰী সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.