ETV Bharat / city

প্ৰতিবাদমুখৰ গুৱাহাটী বিশ্ববিদ্যালয় - উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ

বিতৰ্কই লগ এৰা নাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ । প্ৰশ্নকাকত বিসংগতিৰ পাচতেই এইবাৰ নতুন উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী।

গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰতিবাদমুখৰ গুৱাহাটী বিশ্ববিদ্যালয়
author img

By

Published : Nov 30, 2019, 2:05 PM IST

Updated : Nov 30, 2019, 7:09 PM IST

গুৱাহাটী, 30 নৱেম্বৰঃ মুখ্যমন্ত্ৰীৰ আগমণৰ পূৰ্বে ‘গুৱাহাটী বিশ্ববিদ্যালয়ত’ কেব বিৰোধী প’ষ্টাৰিংৰ পিচতেই এইবাৰ নতুন উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নীতি বৰ্হিভূতভাৱে লোৱা কিছু সিদ্ধান্তৰ বাবেই কৰ্মচাৰীৰ মানসিক আৰু আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিচাপ বিভাগৰ অধীক্ষক প্ৰদীপ কুমাৰ ৰাজবংশীৰ।

প্ৰতিবাদমুখৰ গুৱাহাটী বিশ্ববিদ্যালয়

অভিযোগ অনুসৰি বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক পৰিষদে গ্ৰহণ কৰাৰ প্ৰস্তাৱকো বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ভংগ কৰিব বিচাৰিছে। কাৰ্যপৰিষদৰ নিয়ম অনুসৰি অৱসৰৰ পিছত কৰ্মচাৰীক পুনৰ দুইবছৰৰ নিযুক্তি দিব লাগে। তাৰোপৰি অৱসৰ গ্ৰহণৰ তিনিমাহ পূৰ্বে জাননী প্ৰেৰণ কৰিব লাগে। কিন্তু এইসমূহ নিয়ম নীতিক ভৰিৰে মোহাৰিব বিচাৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত অনশনত বহে কৰ্মচাৰী সকল। এই প্ৰতিবাদত সহযোগ কৰে বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাই ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত’ কেব বিৰোধী প’ষ্টাৰিং

আনহাতে শনিবাৰে মুখ্যমন্ত্ৰীৰ আগমণৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ত চৌহদত কেব সন্দৰ্ভত কোনো স্থিতি প্ৰদান নকৰাত বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ সংগঠনে ।

নিশা কেব বাতিল কৰক,উপাচাৰ্য মাত দিয়ক, অসম বিদেশীৰ ডাষ্টবিন নহয় আদি প’ষ্টাৰ লগাই কেবৰ সমৰ্থক গুৱাহাটী বিশ্ববিদ্যালয়ত আগমণৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ সমাজে। অৱশ্যে পৰৱৰ্তী সময়ত আঁতৰাই দিয়া হয় এই প’ষ্টৰসমূহ।

উল্লেখ্য যে,শনিবাৰে বিয়লি ৩.৩০ বজাত জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ য’ত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব বিজেপিৰ বহু শীৰ্ষ নেতা ৷

লগতে চাওক-আৰ্ছেনিকৰ কৰাল গ্ৰাসত দৰঙৰ পাতি দৰং

Intro:গুৱাহাটী বিশ্ববিদ্যালয়ত শণিবাৰে ৩.৩০ বজাত অনুষ্ঠিত হ'ব জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱস। যত বিজেপিৰ বহু শীৰ্ষ নেতা উপস্থিত থকাৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব। কিন্তু কেব সন্দৰ্ভত কোনো স্থিতি প্ৰদান নকৰাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ সংগঠনে। জাতিধ্বংসী কেবৰ সমৰ্থক গুৱাহাটী বিশ্ববিদ্যালয়ত আগমনত বিৰোধিতা ছাত্ৰসমাজৰ। নিশা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আৰি দিয়া হ'ল কেব বিৰোধী পোষ্টাৰ। কেব বাতিল কৰক, VC মাত দিয়ক, অসম বিদেশীৰ ডাষ্টবিন নহয় আদি পোষ্টাৰ লগাই বিশ্ববিদ্যালয় চৌহদ। অৱশ্যে পৰৱৰ্তী সময়ত আতৰাই দিয়া হয় এই পোষ্টৰসমূহ। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Nov 30, 2019, 7:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.