ETV Bharat / city

চীনৰ ৱান লি বিশ্ববিদ্যালয়ৰ অধ্যাপকক গুৱাহাটী বিশ্ববিদ্যালয়ত আক্ৰমণ

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অঘটন ৷ চৌহদত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল চীনৰ ৱান লি বিশ্ববিদ্যালয়ৰ অধ্যাপক ৷ এজাহাৰ দাখিল অধ্যাপকগৰাকীৰ ৷

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি এগৰাকী অধ্যাপক
author img

By

Published : May 7, 2019, 7:37 PM IST

Updated : May 7, 2019, 9:08 PM IST

গুৱাহাটী, 7 মে': গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল চীনৰ এগৰাকী অধ্যাপক । ২০-২৫ জনীয়া দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় চীনৰ ৱান লি বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰণৱ কুমাৰ বৰুৱা। কিছুদিনৰ বাবে ঘৰলৈ অহা অসম সন্তান চীনৰ ৱান লি বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰণৱ কুমাৰ বৰুৱাই চিকিৎসা সংক্ৰান্তত সোমবাৰে গৈছিল গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসালয়লৈ ৷ চিকিৎসকৰ চেম্বাৰত সোমোৱাক কেন্দ্ৰ কৰিয়েই চিকিৎসাৰ বাবে যোৱা অধ্যাপকগৰাকীৰ সৈতে বাক্ বিতণ্ডাত লিপ্ত হয় দুগৰাকী যুৱক ৷

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি এগৰাকী অধ্যাপক

তাৰ পাচতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ওলাই আহোতেই এটা ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায় প্ৰণৱ কুমাৰ বৰুৱাৰ ওপৰত। ইপিনে আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ বুলি অভিযোগ অধ্যাপকগৰাকীৰ। ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে অধ্যাপকগৰাকীয়ে ৷

Intro:গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত গুণ্ডাৰূপী ছাত্ৰৰ আক্ৰমণৰ বলি এগৰাকী শিক্ষক। ২০-২৫ জনীয়া ছাত্ৰৰ দলে আক্ৰমণ কৰাৰ অভিযোগ শিক্ষকগৰাকীৰ। সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসা সংক্ৰান্তত গৈছিল চাইনাৰ ৱান লি বিশ্ববিদ্যালয়ৰ শিক্ষক প্ৰনৱ কুমাৰ বৰুৱা নামৰ এগৰাকী লোক। Body:চিকিৎসকৰ চেম্বাৰত যোৱাক কেন্দ্ৰ কৰিয়ে প্ৰথমে দুই যুৱকৰ লগত বাকবিতণ্ডাত লিপ্ত হয় লোকজন। পিছত সেই বাকবিতণ্ডাই লয় ভয়ংকৰ ৰূপ। চিকিৎসালয়খনৰ পৰা বাহিৰলৈ ওলাই আহোঁতেই ২০-২৫ জনীয়া এটা দলে আক্ৰমণ কৰে প্ৰনৱ কুমাৰ বৰুৱাক। আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ বুলি অভিযোগ লোকজনৰ। ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী প্ৰনৱ কুমাৰ বৰুৱাই।Conclusion:Hirul Haque....guwahati
Last Updated : May 7, 2019, 9:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.