ETV Bharat / city

মহানগৰীত পুনৰ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ পি পি ই কিট !

author img

By

Published : May 16, 2020, 7:36 PM IST

মহানগৰীৰ লখৰাত ডাষ্টবিন এটাত পেলাই দিয়া পি পি ই কিট মানসিক ভাবে বাধাগ্ৰস্ত এজন লোকে পৰিধান কৰি ৰাজপথত ঘূৰি-ফুৰাৰ বাতৰি ই টিভি ভাৰত প্ৰকাশ পোৱাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

ppe-kit-recovered-again-in-guwahati
মহানগৰীত পুনৰ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ পি পি ই কিট !

গুৱাহাটী, 16 মে‘ : অসমত ক্ৰমাৎ ভয়ংকৰ ৰূপত বৃদ্ধি পাব ধৰিছে কৰ‘ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ শনিবাৰলৈকে অসমত মুঠ 91 গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত বিগত কেইটামান দিনৰ পৰা ধাৰাবাহিক ভাৱে কৰ‘ণাত আক্ৰান্ত লোক ধৰা পৰাৰ পাছত শংকিত হৈ পৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ ৷

ৰাইজৰ মাজৰ কৰ‘ণাৰ আতংক অব্যাহত থকাৰ মাজতে যোৱা ১৪ মে'ত মহানগৰীৰ লখৰাত ডাষ্টবিন এটাত পি পি ই কিট উদ্ধাৰক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ উক্ত ঘটনাৰ তদন্ত চলি থকাৰ মাজতে শনিবাৰে পুনৰ মহানগৰীৰ লাখটকীয়াত উদ্ধাৰ হৈছে পৰিত্যক্ত অৱস্থাত পি পি ই কিট । মহানগৰীত এইদৰে পৰিত্যক্ত অৱস্থাত পি পি ই কিট উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীবাসীৰ মাজত ।

যোৱা ১৪ মে'ত মহানগৰীৰ লখৰাত ডাষ্টবিন এটাত পেলাই দিয়া পি পি ই কিট মানসিক ভাবে বাধাগ্ৰস্ত এজন লোকে পৰিধান কৰি ৰাজপথত ঘূৰি-ফুৰাৰ বাতৰি ই টিভি ভাৰত প্ৰকাশ পোৱাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: ETV BHARAT EXCLUSIVE : ডাষ্টবিনত ওলাইছে পি পি ই কিট (!)

কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই সমগ্ৰহ ঘটনাৰ তদন্ত ঘোষণা কৰিছে আৰু দিছপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্য জ্যোতি দাসে তদন্ত আৰম্ভ কৰাৰ সময়তে পুনৰ মহানগৰীৰ লাখটকীয়াত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে পি পি ই কিট । লাখটকীয়াতো এজন মানসিক ভাবে দুৰ্বল এজন লোকে পি পি ই কিট লৈ ৰাজপথত ঘূৰি-ফুৰাৰ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পি পি ই কিট কেইটা উদ্ধাৰ কৰি জ্বলাই দিয়ে । স্থানীয় ৰাইজে অভিযোগ কৰে যে ৰাতিপুৱা ৮ বজাত ৰাইজে মানসিক বাধাগ্ৰস্থ লোক এজনক পি পি ই কিট লৈ ফুৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীৰ লোক ১১ বজাতে ঘটনাস্থলীত উপস্থিত হয় ।

উল্লেখ্য যে, লখৰাৰ পি পি ই কিট ঘটনাৰ তদন্ত চলাই থকা দিছপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্য জ্যোতি দাসে প্ৰথমে বাতৰি প্ৰচাৰ কৰা ই টিভি ভাৰতৰ সাংবাদিক ছৰফৰাজ খানৰ পৰা তদন্তৰ বাবে ঘটনা সন্দৰ্ভত তেওঁৰ ভাষ্য গ্ৰহণ কৰে । লখৰাৰ ডাষ্টবিনত পি পি ই কিট উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত অতি তৎপৰতাৰে আৰম্ভ কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ডাষ্টবিন পৰা পি পি কিট পৰিধান সন্দৰ্ভত প্ৰতিক্ৰিয়া নোমল মমিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.