ETV Bharat / city

2019 হৈছে মোডীৰ শ্মশান যাত্ৰা : তৰুণ গগৈ - ASSAM

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বিজেপিয়ে ধৰ্মৰ নামত ভোট ভিক্ষা কৰাৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ ইয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰ চাপিব কংগ্ৰেছ দল ৷

জনপ্ৰিয়তা কমিছে প্ৰধানমন্ত্ৰী মোডীৰ
author img

By

Published : Apr 20, 2019, 6:22 PM IST

গুৱাহাটী, 20 এপ্ৰিল : 2014 আছিল প্ৰধানমন্ত্ৰী মোডীৰ জয়যাত্ৰা আৰু 2019 হৈছে মোডীৰ শ্মশান যাত্ৰা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা কমি আহিছে ৷ ধনবল বাহুবলেৰে, সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰি দেশৰ ঐক্য-সংহতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বিজেপিয়ে ধৰ্মৰ নামত ভোট ভিক্ষা কৰিছে ৷ বুধবাৰে সংবাদমেলযোগে এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

জনপ্ৰিয়তা কমিছে প্ৰধানমন্ত্ৰী মোডীৰ
ইপিনে ধৰ্মৰ নামত ভোট ভিক্ষা কৰা বিজেপি নেতৃত্বৰ বিৰুদ্ধে কংগ্ৰেছ নিৰ্বাচন আয়োগৰ ওচৰ চাপিব বুলি উল্লেখ কৰি সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ কথা কোৱা বিজেপিয়ে বোমা বিস্ফোৰণত অভিযুক্ত এগৰাকী প্ৰাৰ্থীক ভূপালত টিকট প্ৰদান কৰিছে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Intro:২০১৪ আছিল মোদীৰ জয় যাত্ৰা আৰু ২০১৯ হৈছে মোদীৰ শ্মশান যাত্ৰা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ।

Body:তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়াৰ মাজত মাত্ৰ দুটা দিন বাকী থকাত অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা কমি আহিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচন আছিল মোদীৰ জয়যাত্ৰা কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচন হৈছে মোদীৰ শ্মশান যাত্ৰা। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিক আক্ৰমণ কৰি আৰু কয় যে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰি আছে। হিন্দুত্বৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুছলমানৰ পৰা আল্লাৰ নামত ভোট বিচাৰিছে। তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আল্লাৰ নামত ভোট বিচৰাটো নিৰ্বাচনী নীতি ভংগ কৰিছে আৰু কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰ চাপিব। সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ কথা কোৱা বিজেপি দলে বোমা বিস্ফোৰণত অভিযুক্ত এগৰাকী প্ৰাৰ্থীক ভূপালত টিকট প্ৰদান কৰিছে। তৰুণ গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাকো আক্ৰমণ কৰি কয় হিমন্তই এসময়ত আলফাৰ নামত ধন সংগ্ৰহ কৰিছিল।

বাইট : তৰুণ গগৈ

Conclusion:গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওঝাক টিকট প্ৰদান কৰাক লৈ তৰুণ গগৈয়ে বিজেপিক প্ৰশ্ন কৰে যে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিবলৈ যদি প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক হ'ব লাগে তেন্তে কুইন ওঝাক বিজেপিয়ে কিয় লোকসভাৰ টিকট প্ৰদান কৰিলে। কংগ্ৰেছ দলে গুৱাহাটীত ববিতা শৰ্মাৰ দৰে এগৰাকী উচ্চ শিক্ষিত প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। কংগ্ৰেছে প্ৰতিটো সমষ্টিতে সংসদত কথা কব পৰা শিক্ষিত লোকক টিকট প্ৰদান কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.