গুৱাহাটী,১৪আগষ্ট : গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ জৰিয়তে সমাজৰ প্ৰতি সেৱা আগবঢ়ায় অহা সাংবাদিকক আৰ্থিকভাৱে সহায় কৰাৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে। তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন জিলাৰ ২০গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকক পেঞ্চন প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে।
'সাংবাদিকসকলৰ বাবে পেঞ্চন আচঁনি'ৰ অধীনত ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন কৰা হৈছে ৬০বছৰ উৰ্দ্ধৰ এই সাংবাদিকসকলক। অৱসৰপ্ৰাপ্ত সাংবাদিকসকলে উক্ত আচঁনিৰ অধীনত প্ৰতি মাহে ৮হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব। তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা বাছনি কৰি উলিওৱা ২০গৰাকী সাংবাদিককেইগৰাকীৰ ভিতৰত আছে কামৰূপ মহানগৰৰ তৰুণ শইকীয়াৰ,জাহ্নৱী খাউণ্ড, কুমুদ ৰঞ্জন দাস, মানস কুমাৰ মহন্ত, বিমান চন্দ্ৰ হাজৰিকা আৰু প্ৰণৱ আচাৰ্য। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত সাংবাদিকসকল হৈছে ক্ৰমান্বয়ে দৰঙৰ প্ৰশান্ত বৰুৱা, গোৱালপাৰাৰ নৰেশ দাস কলিতা, নগাঁৱৰ হোমেশ্বৰ হীৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনী বৰঠাকুৰ, বিশ্বনাথ চাৰিআলিৰ নৰেণ বৰা, গোলাঘাটৰ অপূৰ্ব বল্লভ গোস্বামী, দুগ্ধ দত্ত, যোৰহাটৰ নিৰঞ্জন মহন্ত, মিহিৰাম বৰা, তিনিচুকীয়াৰ গকুল কৃষ্ণ শৰ্মা, কাৰ্বি আংলঙৰ থানেশ্বৰ নেওগ, হাইলাকান্দিৰ দেৱদাস পুৰকায়স্থ, কাছাৰৰ মদন সিংহাল।
উল্লেখ্য যে, ২০১৮ বৰ্ষৰ পৰাই অসমৰ বিভিন্ন জিলাৰ ২০গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকক 'সাংবাদিকসকলৰ বাবে পেঞ্চন আচঁনি'ৰ অধীনত পেঞ্চন আগবঢ়ায় আহিছে ৰাজ্য চৰকাৰে।
লগতে পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰিত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ