ETV Bharat / city

দল বাগৰা নেতাক এইবাৰ গ্ৰহণ নকৰিলে ৰাইজে

বহু প্ৰত্যাশিত অসম বিধানসভা নিৰ্বাচনত এইবাৰ কোনো কোনো হাই প্ৰফাইল নেতাই দলত্যাগ কৰিও জয়ৰ মুকুট লাভ কৰিব নোৱাৰিলে ৷ নিশাৰ ভিতৰতে দলত্যাগ কৰি বেয়াকৈ মুখথেকেচা খালে কেইবাগৰাকীও ৰাজনৈতিক নেতাই ৷ একালৰ মন্ত্ৰী, বিধায়ক, বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ সকলোকে ৰাইজে এইবাৰ নগণ্য ভোটেৰে ভোটদান কৰি বুজাই দিলে যে, ৰাইজে এইবাৰ তেওঁলোকক বিচৰা নাই ৷

author img

By

Published : May 6, 2021, 9:24 PM IST

দল বাগৰা নেতাক এইবাৰ গ্ৰহণ নকৰিলে ৰাইজে
দল বাগৰা নেতাক এইবাৰ গ্ৰহণ নকৰিলে ৰাইজে

গুৱাহাটী,৬ মে': নিৰ্বাচনত টিকট লাভ নকৰি বা টিকট লাভ নকৰিব বুলি আগতীয়াকৈ নিশ্চিত হৈ নিজৰ দল এৰি আন দলত যোগ দিয়া কিম্বা নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা অথবা সততে নিজৰ ৰাজনৈতিক অভিপ্সা পূৰণৰ বাবে দল সলাই ফুৰা বহু নেতাক এইবাৰৰ নিৰ্বাচনত ৰাইজে গ্ৰহণ নকৰিলে । এইবাৰৰ নিৰ্বাচনী ফলাফলে এনে নেতাসকলক বুজাই দিলে যে, ভোটদাতা ৰাইজ তেওঁলোকৰ পক্ষত নাই । একালৰ মন্ত্ৰী, বিধায়ক, বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ সকলোকে ৰাইজে এইবাৰ এই কথা বুজাই দিলে । উদাহৰণস্বৰূপে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন অগপ নেতা আৰু পৰৱৰ্তী সময়ত তৃণমূল গণ পৰিষদৰ জন্ম দিয়া পুলকেশ বৰুৱাই এইবাৰ অসম জাতীয় পৰিষদত যোগ দি বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু লাভ কৰিলে তেনেই নগণ্য সংখ্যক ভোট । একেদৰে জ্যেষ্ঠ বিজেপি নেতা, বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পালক এইবাৰ দলে নিদিলে টিকট । যাৰ ফলত ক্ষুব্ধ হৈ পালে শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ফলাফল ঘোষণাৰ পিছত পালে লাভ কৰে মাত্ৰ ১১,২৫৪ টা ভোট (৬.৪১ শতাংশ) ।

দল বাগৰা নেতাক এইবাৰ গ্ৰহণ নকৰিলে ৰাইজে
দিলীপ কুমাৰ পাল

ঠিক একেদৰে, এসময়ৰ অগপৰ নেতা, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই অগপ এৰি বিজেপিত যোগ দিছিল । বিজেপিয়ে আমুওৱাত সেইটো দলো ত্যাগ কৰি পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদত যোগ দি তেওঁৰ গৃহ সমষ্টি শদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ কিন্তু অৱধাৰিতভাৱে তেওঁ পৰাজিত হ'ল । মুঠ ২৯,৮৪৯ টা (২০.৯৪ শতাংশ) ভোট লাভ কৰি ভূঞা থাকিল তৃতীয় স্থানতহে । এজেপিৰ আন এগৰাকী নেতা, প্ৰাক্তন অগপ নেতা, প্ৰাক্তন মন্ত্ৰী পবীন্দ্ৰ ডেকাই অগপ এৰি থৈ আহি পাটাছাৰকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৯,৮৩১ টা (৮.৬৭ শতাংশ) ভোট লাভ কৰে ।

দল বাগৰা নেতাক এইবাৰ গ্ৰহণ নকৰিলে ৰাইজে
জগদীশ ভূঞা

আনহাতে, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গোপীনাথ দাসে এসময়ত কংগ্ৰেছ এৰি এআইইউডিএফত যোগ দি দলটোৰ বিধায়কো হৈছিল । পিছলৈ এআইইউডিএফ এৰি তৃণমূল কংগ্ৰেছত যোগ দি এইবাৰ পুনৰ বকো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও শোচনীয় পৰাজয় হ'ল, ভোট পালে মাত্ৰ ১২,৫৭১ টা (৬.১৩ শতাংশ) । ঠিক একেদৰে, এসময়ৰ অগপ চৰকাৰৰ মন্ত্ৰী আছিল জাগীৰোডৰ বুবুল দাস । পিছলৈ অগপ এৰি কংগ্ৰেছত যোগ দিয়ে আৰু নিৰ্বাচনৰ কিছু দিন পূৰ্বে কংগ্ৰেছকো বিদায় দি তেওঁ যোগদান কৰে এজেপিত । এজেপিৰ প্ৰাৰ্থী হিচাপে জাগীৰোডৰ পৰা প্ৰতিদ্বন্দ্বিতাও কৰে । কিন্তু ভোট লাভ কৰিলে ১২,৮১৫ টা (৬.৪৩ শতাংশ) ।

দল বাগৰা নেতাক এইবাৰ গ্ৰহণ নকৰিলে ৰাইজে
পবীন্দ্ৰ ডেকা

এইয়া মাত্ৰ কেইটামান উদাহৰণহে আছিল, কিন্তু ইয়াৰ মাজতো ব্যতিক্ৰম আছে । সেই ব্যতিক্ৰমৰ তালিকাত থকা অন্যতম তিনিজন হ'ল পৰমানন্দ ৰাজবংশী, দুৰ্গাদাস বড়ো আৰু ৰূপেশ গোৱালা । এসময়ৰ অগপ চৰকাৰৰ মন্ত্ৰী আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতা দুৰ্গাদাস বড়োৱে এইবাৰ কংগ্ৰেছৰ টিকট নাপাই নিশাটোৰ ভিতৰতে যোগ দিছিল বিপিএফত আৰু এনেদৰে কলাইগাঁও সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী হিচাপে দুৰ্গাদাস বড়ো জয়ী হৈ আহে ।

দল বাগৰা নেতাক এইবাৰ গ্ৰহণ নকৰিলে ৰাইজে
গোপীনাথ দাস

একেদৰে, ডুমডুমা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট নাপাই বিজেপিত যোগ দি নিৰ্বাচন খেলা ৰূপেশ গোৱালা জয়ী হ'ল । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে প্ৰথমে যোগ দিছিল অগপত । কিন্তু দলীয় টিকট নিশ্চিত নোহোৱাত নিশাটোৰ ভিতৰতে অগপক এৰি থৈ বিজেপিত যোগ দিছিল আৰু ছিপাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । পৰমানন্দ ৰাজবংশীও কিন্তু জয়ী হৈ আহিল ।

দল বাগৰা নেতাক এইবাৰ গ্ৰহণ নকৰিলে ৰাইজে
বুবুল দাস

অন্য এক খবৰৰ বাবে: চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.