নিউজ ডেস্ক, 11 নৱেম্বৰ: ৰাজ্যত উজনিৰ পৰা নামনিলৈ বৰ্তমান আতংকৰ সৃষ্টি কৰিছে নাহৰফুটুকী বাঘে ৷ সোমবাৰৰ পুৱাৰ ভাগতে মহানগৰীৰ গড়চুকৰ লগতে তিনিচুকীয়া জিলাৰ ডিগবৈতো বনবিভাগৰ পিঞ্জৰাত আৱদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ ৷ ডিগবৈৰ হোলোং হাবি চাহ বাগিচাৰ কলঘৰৰ সমীপত বনবিভাগে পতা পিঞ্জৰাত পিঞ্জৰাৱদ্ধ হ'ল বৃহত্তৰ হোলোং অঞ্চলত দীৰ্ঘদিন ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকী বাঘ ৷ বহুদিনৰ পৰা ৰাইজে দি অহা অভিযোগৰ ওপৰত দেওবাৰে নিশা বাঘটো ধৰিবলৈ জাল পেলাইছিল বনবিভাগে ৷ সোমবাৰে পুৱা ৰাইজে পিঞ্জৰাটোত নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷
ইফালে, মহানগৰীৰ গড়চুকতো বিপ্লব গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত হাঁহ খাবলৈ আহি গঁৰালত আৱদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ পাছত বাঘটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত দ্বীপৰ বিল ৱাইল্ড লাইফৰ বন বিষয়া আহি ঘটনাস্থলীত উপস্থিত হৈ বাঘটো পুনৰ পাহাৰলৈ খেদাই পঠাবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, বাঘটোৱে গঁৰালৰ পৰা এটা হাঁহলৈ উধাও হোৱাৰ লগতে গঁৰালত থকা আন এটা ইমু চৰাইক আক্ৰমণ কৰি আহত কৰে ৷
আৰু পঢ়ক: 7 দিন, ৰঞ্জন গগৈৰ হাতত বাকী 5 টা গুৰুত্বপূৰ্ণ বিষয়ৰ ৰায়দান