গুৱাহাটী, 17 জুন : পুনৰ মালিগাঁৱৰ এগৰাকী লোকৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ উপস্থিতি । পাণ্ডু বিবিচি কলনীৰ সুবিৰ সেন নামৰ লোকজনৰ শৰীৰত ধৰা পৰিছে কোভিড-19 । লোকজনৰ নাই কোনো ভ্ৰমণ বুৰঞ্জী । জানিব পৰা মতে, গুৱাহাটীৰ ফাঁচীবজাৰৰ এখন কাপোৰৰ দোকানত কাম কৰিছিল সুবিৰে ।
লোকজনৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পিছতে এলেকাটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । উল্লেখ্য যে পাণ্ডুৰ এটাৰ পিছত এটাকৈ কলনী কন্টেইনমেন্ট জ'নত পৰিণত হৈছে । বিগত এক সপ্তাহত পাণ্ডু-মালিগাঁৱত 12 জনকৈ কোভিড পজিটিভ চিনাক্ত হৈছে । বৰ্তমান পাণ্ডুৰ লোক কলনী, জয়মতী নগৰ, ৰেষ্টকেম্প, বৰিপাৰা, ফেৰীঘাট কলনী, বিবিচি কলনী আৰু মালিগাঁৱৰ নেটাজী বিদ্যাপীঠ কন্টেইনমেন্ট জ'ন হিচাপে পৰিগণিত হৈছে ।