ETV Bharat / city

দেশত বৃদ্ধি হৈয়ে আছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা - কৰ’ণা ভাইৰাছ

ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে কৰ’ণা ভাইৰাছ সৃষ্ট কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৷ প্ৰতিটো মূহুৰ্ততে বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰলৈ সমগ্ৰ বিশ্বত 20,60,927 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷

দেশত বৃদ্ধি হৈয়ে আছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Apr 16, 2020, 12:38 PM IST

গুৱাহাটী, 16 এপ্ৰিলঃ দেশত প্ৰতিদিনে বৃদ্ধি পাই আছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ সমান্তৰালকৈ সমগ্ৰ বিশ্বত এই সংখ্যা বৃদ্ধিত ভাৰতেও অৰিহণা যোগাইছে ৷ এনে পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰীয়ে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰি দিছে যদিও নাগৰিকসকল সচেতন নহ’লে সকলোবোৰ অথলে যোৱাৰ সম্ভাৱনাই অধিক প্ৰকট হৈ পৰিছে ৷

ইটিভি ভাৰত etvbharat
বিদেশী নাগৰিকক প্ৰত্যাৰ্পণ বিমানবন্দৰত বিদেশী নাগৰিক

সম্প্ৰতি কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতিটো মূহুৰ্ততে বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰলৈ সমগ্ৰ বিশ্বত 20,60,927 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ সমগ্ৰ বিশ্বত 5,11,356 গৰাকী লোক সুস্থ হোৱাৰ বিপৰীতে 1,34,354 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

ভাৰতবৰ্ষত এতিয়ালৈকে এই ভাইৰাছৰ দ্বাৰা প্ৰায় 12,380 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে 1,489 গৰাকী লোক সুস্থ হৈ উঠিছে ৷ আনহাতে বৃহস্পতিবাৰে ৰাতিপুৱালৈ ভাৰতত এই ভাইৰাছৰ ফলত 414 গৰাকী ব্যক্তি মৃত্যু মুখত পৰিছে ৷ ভাৰতৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত 2,916 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগতে 187 গৰাকী মৃত্যুমুখত পৰিছে ৷

ইটিভি ভাৰত etvbharat
সামাজিক দুৰত্বঃ বেংকৰ সন্মুখত গ্ৰাহকৰ ভিৰ

ইফালে অসমত বৰ্তমানলৈ 33গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে এগৰাকী লোকৰ মৃত্যু হৈছে । বৰ্তমানলৈ 3613 গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে 3492 গৰাকীৰ ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ।

লগতে চাওকঃ মুম্বাইত নাও দুৰ্ঘটনা,সন্ধানহীন তিনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.