ETV Bharat / city

আই আই টি গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ - নৰ্থ ইষ্ট ৰিচাৰ্ছ কনক্লেভ

আই আই টি গুৱাহাটীৰ চৌহদত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ ( North east research conclave)। এই ক'নক্লেভ উদ্বোধন কৰে কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কয় যে অহা বছৰৰ পৰা এই নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ ইণ্ডিয়া ৰিচাৰ্ছ ক'নক্লেভ হিচাপে আয়োজন কৰা হ'ব । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আই আই টি গুৱাহাটীক সহায় কৰিব ।

north-east-research-conclave-at-iit-guwahati
আই আই টি গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ
author img

By

Published : May 20, 2022, 8:33 PM IST

গুৱাহাটী, 20 মে': আই আই টি গুৱাহাটীৰ উদ্যোগত আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয় আৰু অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত শুকুৰবাৰৰ পৰা আই আই টি গুৱাহাটীৰ চৌহদত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ ( North east research conclave)। এই ক'নক্লেভ উদ্বোধন কৰে কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে (Central minister Dharmendra Pradhan)।

আই আই টি গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে আই আই টি গুৱাহাটীয়ে ৰাজ্য তথা দেশৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগায় আহিছে । তেওঁ আৰু কয় যে দেশ তথা সমাজৰ উন্নয়নৰ ক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠানৰ দায়ৱদ্ধতা আছে । নীতি নিৰ্ধাৰক, উদ্যোগপতি আৰু বিদ্যায়তনিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে সম্মিলিতভাবে কাম কৰিলে সমাজৰ প্ৰকৃত উন্নয়ন সম্ভৱ ।

উত্তৰ-পূৰ্বাঞ্চলত বহু সম্ভাৱনা থকাৰ পিছতো নীতি নিৰ্ধাৰক, উদ্যোগপতি আৰু বিদ্যায়াতনিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ মাজত যোৱা সময়ছোৱাত বিশেষ সংযোগ স্থাপন হোৱা নাছিল । যাৰ বাবে বহুত সম্ভাৱনা থকাৰ পিছতো উত্তৰ-পূৰ্বাঞ্চল সঠিক দিশত আগবাঢ়িবলৈ সক্ষম হোৱা নাছিল । বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে ।

কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে উত্তৰ-পূৰ্বাঞ্চলত চহকী প্ৰাকৃতিক সম্পদ আছে । এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন । নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভে এই ক্ষেত্ৰত নিশ্চিতভাবে সহায় কৰিব ।

লগতে পঢ়ক: সমাজ কল্যাণৰ ৬০০ কোটি টকীয়া কেলেংকাৰীৰ নতুন মোৰ

ভাষণৰ শেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এই নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ প্ৰতিবছৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত আদৰণি ভাষণ দি আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীথাৰামে কয় যে উত্তৰ-পূৰ্বাঞ্চলত গৱেষণা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ বাবে এই নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ আয়োজন কৰা হৈছে । ক'নক্লেভত উত্তৰ-পূৰ্বাঞ্চলৰ ৫০ খন শিক্ষা প্ৰতিষ্ঠান আৰু ১০০ টা উদ্যোগ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে । লগতে ক'নক্লেভত ২,০০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৫০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।

এই ক'নক্লেভ অহা তিনিদিনলৈ চলিব । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কয় যে অহা বছৰৰ পৰা এই নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ ইণ্ডিয়া ৰিচাৰ্ছ ক'নক্লেভ হিচাপে আয়োজন কৰা হ'ব (CM Himanta Biswa Sharma at North east research conclave)। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আই আই টি গুৱাহাটীক সহায় কৰিব । তেওঁ কয় যে গৱেষণা আৰু বিজ্ঞানৰ সহায়েৰে আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগানক বাস্তৱ ৰূপ দিব লাগিব । এই ক্ষেত্ৰত আই আই টি গুৱাহাটীৰ দৰে শিক্ষা অনুষ্ঠানৰ দায়িত্ব আছে । তেওঁ কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চল সকলো দিশত এতিয়া আগবাঢ়ি আছে ।

আত্মনিৰ্ভৰ হোৱাৰ দিশত আগবাঢ়ি আছে উত্তৰ-পূৰ্বাঞ্চল । ভৱিষ্যতে অসম তথা উত্তৰ-পূৰ্বাঞ্চল কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল নহয় । বৰং ভৱিষ্যতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে দেশক নেতৃত্ব দিব । অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় - "আই আই গুৱাহাটীক লৈ আমি গৌৰৱ অনুভৱ কৰো । ক'ভিডকালিন সময়ত আই আই গুৱাহাটীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।

নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভে নতুন প্ৰজন্মক গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা সহায় কৰিব (Central minister Sarbananda Sonowal at North east research conclave) ।" অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ড৹ সুভাষ সৰকাৰ, ৰাজকুমাৰ ৰঞ্জন সিং, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কুইন ওজা আৰু ছিকিম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কে এল ভুটীয়াই চমু ভাষণ দিয়ে ।

লগতে পঢ়ক: প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.