গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক বিশেষ কৃষি সমাৱেশ - Radison Blue
মহানগৰীত শুকুৰবাৰে অনুষ্ঠিত হয় কৃষিখণ্ডৰ উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক এক বিশেষ সমাৱেশ । অৰুণাচল প্ৰদেশ ৰাজ্যিক চৰকাৰৰ উদ্যোগত অনুষ্ঠিত উক্ত সমাৱেশত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে প্ৰমুখ্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধিৰ লগতে সকলো শীৰ্ষ আমোলা-বিষয়া তথা ৰাজ্যিক সচিব প্ৰধানসকল ।
গুৱাহাটী, 2 আগষ্ট: শুকুৰবাৰে মহানগৰীৰ জালুকবাৰীস্থিত পঞ্চতাৰকা হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হয় ভাৰতীয় কৃষিখণ্ডৰ উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক এক বিশেষ সমাৱেশ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিখণ্ডক সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ মাজত সমন্বয় স্থাপনৰ লগতে সহযোগিতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা হয় বিশেষ সমাৱেশ ৷ অৰুণাচল প্ৰদেশ ৰাজ্যিক চৰকাৰৰ উদ্যোগত অনুষ্ঠিত উক্ত সমাৱেশত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে প্ৰমুখ্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধিৰ লগতে সকলো শীৰ্ষ আমোলা-বিষয়া ।
মুখ্যমন্ত্ৰী সোণোৱালে বৰ্তমানৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন.ডি.এ. চৰকাৰে কৃষিক্ষেত্ৰৰ বাবে গ্ৰহণ কৰা কল্যাণকামী আঁচনি সম্বন্ধে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ তদুপৰি 2024 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ অৰ্থনীতিক 5 ট্ৰিলিয়ন অৰ্থনীতিলৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত উত্তৰ- পূবৰ সকলো ৰাজ্যই একেলগে কাম কৰাৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ৷ এই লক্ষ্য বাস্তৱায়িত কৰিবৰ বাবে বৰ্তমান চৰকাৰে দেশৰ কৃষিখণ্ডসহ প্ৰাথমিক বৃত্তিখণ্ডক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷ ইফালে কৃষিক্ষেত্ৰত বিকাশৰ উদ্দেশ্যে নীতি আয়োগে ন জনীয়া সদস্যৰ এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ কথা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷
Body:উত্তৰ-পূৱৰ কৃষিক্ষেত্ৰক এক সোণালী দিশলৈ লৈ যোৱাৰ সংকল্প লোৱা হয় এই সমাৱেশত। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কৃষক্ষেত্ৰৰ উন্নয়নৰ হকে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰা বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। ইফালে কৃষিক্ষেত্ৰত বিকাশৰ উদ্দেশ্যে নীতি আয়োগে গঠন কৰিছে নজনীয়া সদস্যৰে এখন উচ্চস্তৰীয় কমিটি। এই কমিটিত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। শুকুৰবাৰে অনুষ্ঠিত সমাৱেশত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষিক্ষেত্ৰত কৰিবলগীয়া তথা বিভিন্ন সমস্যাৰ বুজ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত উত্থাপন কৰিব। উল্লেখযোগ্য যে অসম-অৰুণাচলৰ সীমা সমস্যা অতিশীঘ্ৰেই সমাধান হোৱাটো বিচাৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে।
Conclusion:HIRUL HAQUE I GUWAHATI