নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ: সোমবাৰৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰি (Navratri 2022 Date) ৷ অসমতো নদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে নৱৰাত্ৰিৰ ৷ নৱৰাত্ৰিৰ উপলক্ষ্যে মহানগৰীৰ কামাখ্যা মন্দিৰত সোমবাৰে শ শ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় (Kamakhya Devi Temple) । নৱৰাত্ৰিৰ উপলক্ষ্যে দেৱী দুৰ্গাৰ আশীষ বিচাৰি বিভিন্ন মন্দিৰলৈ ভক্তৰ ব্যাপক সমাগম ঘটিছে ৷ তেনে এটা অতি গুৰুত্বপূৰ্ণ মন্দিৰ হৈছে 'কামাখ্যা দেৱী মন্দিৰ' ৷
নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ অসমৰ সবাতোকৈ প্ৰসিদ্ধ মন্দিৰ বুলি গণ্য কৰা হয় । অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে । নৱৰাত্ৰিৰ লগত সংগতি ৰাখি কামাখ্যা মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷
কামাখ্যা মন্দিৰৰ প্ৰধান পুৰোহিত কবিন্দ্ৰ প্ৰসাদ শৰ্মাই কামাখ্যা মন্দিৰত দুৰ্গা পূজা আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ দুৰ্গা পূজাৰ সময়ত মন্দিৰত কুমাৰী পূজা আয়োজন কৰাৰ কথা সদৰি কৰে ৷ আজি প্ৰতিপদ তিথিৰ উপলক্ষ্যে মন্দিৰত এগৰাকী কুমাৰীক পূজা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে (Navratri 1st day puja) ।
তেওঁ লগতে কয় যে, একেদৰে কাইলৈ অৰ্থাৎ মঙলবাৰে দ্বিতীয়া তিথি বাবে দুগৰাকী কুমাৰীক পূজা কৰা হ'ব । এনেদৰে, নৱমীলৈকে মন্দিৰত মুঠ 45 গৰাকী কুমাৰীক পূজা কৰা হ'ব । উল্লেখ্য যে, কামাখ্যা মন্দিৰত এই পৰম্পৰা বহু বছৰ ধৰি চলি আহিছে । মন্দিৰত কৃষ্ণ নৱমীৰ পৰা শুক্লা নৱমীলৈকে 15 দিন দুৰ্গা পূজা উদযাপন কৰা হয় ।
শাৰদীয় নৱৰাত্ৰি দেৱী দুৰ্গা আৰু তেওঁৰ নটা অৱতাৰক উৎসৰ্গিত(Navratri significance) ৷ নৱৰাত্ৰিৰ প্ৰথম দিনটো ঘাট স্থপনা হিচাপে পালন কৰা হয় । নদিনীয়া নৱৰাত্ৰিত দুৰ্গাৰ নটা অৱতাৰক উপাসনা কৰা হয় । নৱৰাত্ৰিৰ প্ৰতিটো দিনটো দেৱী দুৰ্গাৰ এটা স্বৰূপক উপাসনা কৰা হয় ৷ এই ন দিনত ভক্তসকলে সকলো আচাৰ-অনুষ্ঠান ৰক্ষা কৰে, প্ৰতিগৰাকী দেৱীৰ প্ৰতি সমৰ্পিত শ্লোক আবৃত্তি কৰে, নতুন পোছাক পিন্ধে, ভোগ আগবঢ়ায়, আৰু তেওঁলোকৰ ঘৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে(Navratri 2022 wishes) ।
উত্তৰ ভাৰতৰ নৱৰাত্ৰিৰ সময়ত, বিশেষকৈ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, গুজৰাট আৰু মধ্য প্ৰদেশত ৰামলীলাৰ ব্যাপক আয়োজন কৰা হয় । ৰামলীলাৰ সময়ত, ৰাৱণৰ ওপৰত ভগৱান ৰামৰ বিজয়ৰ কাহিনী নাট মঞ্চস্থ কৰা হয় । অশুভ শক্তিক নাশ কৰি শান্তি হকে দশেৰাত ৰাৱণৰ পুত্তলিকা দাহ কৰা হয় ।
নৱৰাত্ৰিৰ দশম দিনা, যাক বিজয়দশমী বুলিও কোৱা হয় ৷ সেইদিনী এক বৃহৎ শোভাযাত্ৰা আয়োজন কৰি মা দুৰ্গাৰ প্ৰতিমা নদী তথা সাগৰত বিসৰ্জন দিয়া হয় ৷ এই প্ৰথা প্ৰধানত পশ্চিম বংগ, ওড়িশা, অসম আৰু বিহাৰত পালন কৰা হয় । মা দুৰ্গাৰ উপাসনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটো দুৰ্গা বিসৰ্জনৰ দিন বুলি গণ্য কৰা হয় ।
লগতে পঢ়ক : পূজা সমাগত: জানক দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব