ETV Bharat / city

ক’ভিড-19 ত মৃত্যু নগাঁৱৰ আৰক্ষী কনিষ্টবল

author img

By

Published : Aug 8, 2020, 4:40 PM IST

ক’ভিড যুদ্ধত শ্বহীদ আন এগৰাকী আৰক্ষী কৰ্মী ৷ শোকস্তব্ধ নগাঁও আৰক্ষী । শ্বহীদগৰাকীক শেষ শ্ৰদ্ধা নগাঁও আৰক্ষীৰ ৷

Nagaon Police Constable Death in Covid-19

নগাঁও, 8 আগষ্ট: ক’ভিড যুদ্ধত পুনৰ শ্বহীদ হ’ল আন এগৰাকী অসম আৰক্ষীৰ জোৱান । ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে নগাঁও আৰক্ষীত কৰ্মৰত আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাই । বিগত মাহতেই ক’ভিড-19 ত আক্ৰান্ত হৈছিল নগাঁও পুলিচ ৰিজাৰ্ভৰ আৱাসত থকা আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকা ।

প্ৰথমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা আৰক্ষী জোৱানজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত চাৰি আগষ্টত প্ৰেৰণ কৰা হৈছিল গুৱাহাটী মেডিকেল কলেজলৈ ।

ক’ভিড-19 ত মৃত্যু নগাঁৱৰ আৰক্ষী কনিষ্টবল

কিন্তু শুকুৰবাৰে নিশা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ক’ভিড যুদ্ধৰ আগৰণুৱা আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাই । লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যুত অসম আৰক্ষীৰ লগতে শোকস্তব্ধ হৈ পৰিছে নগাঁও আৰক্ষী ।

শনিবাৰে প্ৰয়াত আৰক্ষী কনিষ্টবলজনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁও আৰক্ষীয়ে । নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গোড়াৱ, অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনাসহ আৰক্ষী বিষয়া জোৱানে নগাঁও আৰক্ষী চাউনিত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে লক্ষেশ্বৰ হাজৰিকাক ।

লগতে-ভাৰতত 20 লক্ষাধিক অতিক্ৰম কৰ'ণাৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.