ETV Bharat / city

ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানক নাকি লগাবলৈ বিধানসভাত গৃহীত বিধেয়ক

author img

By

Published : Dec 30, 2020, 5:46 PM IST

ৰাজ্যত সাধাৰণ নাগৰিকক বেয়াকৈ লুটি-পুতি অহা ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানক নাকি লগাবলৈ বিধানসভাত গৃহীত হ’ল বিধেয়ক ৷

ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানক নাকি লগাবলৈ বিধানসভাত গৃহীত বিধেয়ক
ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানক নাকি লগাবলৈ বিধানসভাত গৃহীত বিধেয়ক

গুৱাহাটী, ৩০ ডিচেম্বৰ : ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানসমূহক অৱশেষত নাকি লগোৱাৰ ব্যৱস্থা কৰিলে ৰাজ্য চৰকাৰে । সেই অনুসৰি বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা সদনত গৃহীত হয় "দ্য আছাম মাইক্ৰ'ফাইনাঞ্চ বিল ২০২০" ।

বুধবাৰে বিধানসভাত এই নতুন বিধেয়কখন গৃহীত হোৱাৰ পিছত এতিয়াৰে পৰা পঞ্জীয়ন বিহীন কোনো প্ৰতিষ্ঠানে বিত্তীয় লেনদেন কৰিব নোৱাৰিব । বিত্তীয় লেনদেনৰ বাবে পঞ্জীয়ন ব্যৱস্থা হ’ব বাধ্যতামূলক । অবৈধ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা । এই নতুন আইনখন প্ৰণয়নৰ ৩০ দিনৰ ভিতৰত ৰাজ্যৰ সকলো বিত্তীয় প্ৰতিষ্ঠানে নিজা নিজা পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব ৷

পঞ্জীয়নভুক্ত ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানে একোজন গ্ৰাহকক দুটাতকৈ অধিক ঋণ দিব নোৱাৰিব । ঋণ পৰিশোধৰ বাবে কোনো প্ৰতিষ্ঠানে গ্ৰাহকক হাৰাশাস্তিও কৰিব নোৱাৰিব । নতুন আইন অনুসৰি প্ৰতি দুবছৰত প্ৰতিষ্ঠানসমূহে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব । ইতিমধ্যে এনে ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠান সমূহৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হোৱা মহিলাসকলৰ বাবে ইতিমধ্যে চৰকাৰে বাজেটত ৫০০ কোটি টকা ধাৰ্য কৰিছে ।

লগতে পঢ়ক : অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.