ETV Bharat / city

First Omicron case in Manipur : মণিপুৰত ধৰা পৰিছে অ’মিক্ৰণৰ প্ৰথমটো ঘটনা

author img

By

Published : Dec 27, 2021, 6:17 PM IST

উত্তৰ-পূৱত ধৰা পৰিছে অ’মিক্ৰণত আক্ৰান্ত প্ৰথমজন লোক (First Omicron case in North East) ৷ ২২ ডিচেম্বৰত টানজানিয়া ভ্ৰমণ কৰি উভতি আহিছিল লোকজন ।

Northeast's first patient detected in Manipur
উত্তৰ পূৱ পালেহি OMICRON

গুৱাহাটী, ২৭ ডিচেম্বৰ : চাওঁতে চাওঁতে উত্তৰ-পূৱতো অ’মিক্ৰণৰ ভয়ংকৰ হাতোৰাই প্ৰথমটো কোব মাৰিলে । সোমবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন অ’মিক্ৰণত আক্ৰান্ত(OMICRON First case in North East) লোক ধৰা পৰে মণিপুৰত । লোকজনৰ ঘৰ পশ্চিম ইম্ফলত বুলি ইতিমধ্যে নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে ।

প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২২ ডিচেম্বৰত টানজানিয়া ভ্ৰমণ কৰি মণিপুৰলৈ উভতি আহিছিল এই লোকজন । সেইদিনাই তেওঁৰ ক'ভিড পৰীক্ষা কৰাত পজিটিভ বুলি নিশ্চিত হোৱা গৈছিল । পৰবৰ্তী সময়ত অ’মিক্ৰণৰ পৰীক্ষাৰ বাবে তেওঁৰ জীনম কলকাতালৈ পঠিওৱা হৈছিল ।

সোমবাৰে সেই পৰীক্ষাৰ প্ৰতিবেদন আহি পৰে মণিপুৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ হাতত । প্ৰতিবেদনত লোকজন অ’মিক্ৰণত আক্ৰান্ত বুলি উল্লেখ কৰাৰ পিছতেই তৎপৰ হৈ পৰিছে মণিপুৰ চৰকাৰ । সম্প্ৰতি লোকজনক আইশ্ব'লেছনত ৰাখি চিকিৎসা আগবঢ়াই থকা হৈছে । লোকজনৰ পৰিয়ালৰ আন দুজন সদস্যও ক'ভিডত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক : Omicron cases in India : বিগত ২৪ ঘণ্টাত দিল্লীত ৬৩ জন অ'মিক্ৰণত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.