ETV Bharat / city

অসমত খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা নিৰূপণ কৰা‌ হ’ব: মুখ্যমন্ত্ৰী

author img

By

Published : Jun 1, 2022, 10:52 PM IST

খিলঞ্জীয়া মুছলমান আৰু প্ৰব্ৰজিত মুছলমান এই দুই সংজ্ঞাৰে মুছলমানৰ দুই ধৰণৰ সংজ্ঞা নিৰূপণ কৰা হ'ব (Definition of Muslim people in Assam)। ৰাজ্যত মাদ্ৰাছা সম্পূৰ্ণ বিলুপ্ত কৰা হ'ব আৰু কোনোবাই কোৰাণৰ চৰ্চা কৰিব বিচাৰিলে ঘৰত গৈ কৰিব পাৰিব ৷ বুধবাৰে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Indigenous Muslims in Assam
Indigenous Muslims in Assam

গুৱাহাটী, 1 জুন: অসমত খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা নিৰূপণ কৰা‌ হ'ব বুলি সাংবদ মাধ্যমৰ আগত সদৰি কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কয় যে বৰাক উপত্যকাৰ মুছলমান সকলক বাদ দি ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলমানৰ সংজ্ঞা নিৰূপণ কৰিব (Definition of Muslim people in Assam) ।

তেওঁ কয়, "খিলঞ্জীয়া মুছলমান আৰু প্ৰব্ৰজিত মুছলমান এই দুই সংজ্ঞাৰে মুছলমানৰ দুই ধৰণৰ সংজ্ঞা নিৰূপণ কৰা হ'ব । একাংশ মুছলমান সংগঠনে এনেধৰণে মুছলমানৰ সংজ্ঞা নিৰূপণ কৰাৰ বাবে মোক আৱেদন কৰিছিল । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত আৱেদন কৰা মুছলমান সংগঠনে সম্মতি প্ৰকাশ কৰিছে’’ (Indigenous Muslims in Assam) ।

তেওঁ আৰু কয় যে, বৰাক উপত্যকাৰ মুছলমানৰ মতামত লৈ পৰৱৰ্তী সময়ত বৰাক উপত্যকাৰ মুছলমানসকলৰ সংজ্ঞা নিৰূপণ কৰা হ'ব । ৰাজ্যত মাদ্ৰাছা সম্পূৰ্ণ বিলুপ্ত কৰা হ'ব আৰু কোনোবাই কোৰাণৰ চৰ্চা কৰিব বিচাৰিলে ঘৰত গৈ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে (Madrasa will be completely closed in Assam)। বিদ্যালয়ত কোনো ধৰ্মীয় শিক্ষা দিয়া নহয়, মাদ্ৰাছা এতিয়াৰ পৰা সাধাৰণ বিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : মুছলমানক সংখ্যালঘুৰ প্রমাণ-পত্ৰ : কি কয় বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.