গুৱাহাটী, ১৯ নৱেম্বৰ : শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰানাৱটে( Kangana Ranaut ) বাৰুকৈয়ে মুৰৰ কামোৰণি তুলিছে কংগ্ৰেছ দলৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা বৄহস্পতিবাৰে দিছপুৰ থানাত বলিউড(Bollywood)ৰ এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ৷ ইয়াৰ চৌব্বিশ ঘন্টা পাৰ হ'ল কি নহ'ল, শুকুৰবাৰে পুণৰ কংগনা ৰানাৱটৰ বিৰুদ্ধে দিছপুৰ থানাত আন এখন এজাহাৰ দাখিল কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
এই এজাহাৰখনত বিৰোধী দলপতি গৰাকীয়ে এই বুলি উল্লেখ কৰে যে, এইগৰাকী অভিনেত্ৰীয়ে সমগ্ৰ দেশৰ স্বাধীনতা সংগ্ৰামী সকলক অপমান কৰিছে । দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰো অৱদান আছিল । বলিউডৰ অভিনেত্ৰী গৰাকীয়ে গোমধৰ কোৱৰ, কনকলতা, কুশল কোৱৰকে ধৰি অসমৰ বীৰ শ্বহীদ সকলকো অপমানিত কৰিছে ।
শইকীয়াই অভিযোগ আনে যে, আনহে নালাগে অভিনেত্ৰী কংগনাই অপমানিত কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীকো । সেয়েহে ভাৰতীয় দণ্ডবিধি ১৫৩, ১৫৩ (ক), ২২৪ (এ) আৰু ৫০৪ ৰ অধীনত কংগনা ৰানাৱটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এজাহাৰ খনত উল্লেখ কৰে বিৰোধী দলপতি গৰাকীয়ে ।
লগতে পঢ়ক : Repeal of farm laws : দেশৰ অন্নদাতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ