গুৱাহাটী,২৮ ডিচেম্বৰ: অন্যান্য পিছপৰা শ্ৰেণী চমুকৈ অ'বিচিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ৰাজ্যত যোৱা ২০ বছৰে অবিচি সন্মিলনীয়ে চলাই আহিছে চিণ্ডিকেট (OBC certificate scam) । বিশেষকৈ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোকক বঞ্চিত কৰি আন আন জনগোষ্ঠীৰ লোকক কোঁচ ৰাজবংশী বুলি দেখুৱাই অবিচি প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ব্যপক হাৰত ধন সংগ্ৰহ কৰি আহিছে সন্মিলনীয়ে । যাৰ পৰিণতিত প্ৰতিখন জিলাত কোচ ৰাজবংশী বুলি শতাধিক আন জনগোষ্ঠীৰ লোকে অ'বিচি প্ৰমাণ পত্ৰ লাভ কৰিছে ।
এই অভিযোগ সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ আৰু সম্পাদক ৰাণাদিত্য কুমাৰ বৰ্মনৰ(Koch Rajbanshi sanmilani on OBC certificate scam) । গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে সভাপতি গৰাকীয়ে এই প্ৰমাণ পত্ৰসমূহ বাতিল কৰাৰ দাবী জনোৱাৰ লগতে প্ৰায় বিশ বছৰ ধৰি অবিচি প্ৰমাণ পত্ৰৰ ছিণ্ডিকেটৰ গুৰি ধৰোতা অবিচি সন্মিলনীৰ সভাপতি অমৰ গগৈক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাটোৰ এক ন্যায়িক তদন্তৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ।
অভিযোগ অনুসৰি, সদৌ অসম পিছপৰা শ্ৰেণী সন্মিলনী চমুকৈ অবিচি সন্মিলনীৰ সভাপতি অমৰ গগৈয়ে সমগ্ৰ ৰাজ্যখনত নিজাববীয়াকৈ সকলো নিয়ম নীতি ভৰিৰে মোহাৰি এজেন্ট নিয়োগ কৰি প্ৰমাণ পত্ৰৰ নামত চলাই অহা ৰমৰমীয়া ব্যৱসায়ৰ বাবেই কোচ ৰাজবংশী জনসাধাৰণ বিশেষকৈ জনগোষ্ঠীটোৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰী, যুৱক-যুৱতী তীব্ৰ প্ৰত্যাহ্বণৰ সন্মুখীন হৈছে ।
বিশেষকৈ কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নলবাৰী, গোলাঘাট ,যোৰহাটত অমৰ গগৈৰ নেতৃত্বাধীন অবিচি সন্মিলনীৰ অবৈধ প্ৰমান পত্ৰৰ বেহা (Fake issue of caste certificate) বেছিকৈ চলি অহাৰ অভিযোগ উত্থাপন কৰে । অবিচি সন্মিলনী প্ৰকৃততে পঞ্জীয়ন ভুক্ত সংগঠন হয় নে নহয় সেয়া শীঘ্ৰেই তদন্তৰ আওতালৈ আনিবলৈ আনিবলৈ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিগৰাকীয়ে দাবী জনোৱাৰ লগতে সংগঠনটোৰ অডিট ৰাজহুৱা কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক : Anti Drugs Mission : নগাঁও আৰু নাহৰকটীয়াত ড্ৰাগছসহ সৰবৰাহকাৰী আটক