ETV Bharat / city

31st Night Celebration: নৱবৰ্ষক আদৰোতে সাৱধান হওক - 31 ডিচেম্বৰ উদযাপনৰ নিয়মাৱলী

নৱবৰ্ষক আদৰণি জনাবলৈ গৈ নিয়ম ভংগ কৰিব নোৱাৰিব আপুনি (31st night celebration in Guwahati) ৷ কঠোৰতকৈও কঠোৰ হৈ পৰিছে প্ৰশাসন ৷ সুৰাপান কৰি বাহন নচলোৱাৰ উপৰিও সাৱধানতা অৱলম্বন কৰিব লাগিব বহুকেইটা দিশত ৷

নৱবৰ্ষক আদৰোতে সাৱধান হওক
নৱবৰ্ষক আদৰোতে সাৱধান হওক
author img

By

Published : Dec 30, 2021, 7:30 PM IST

গুৱাহাটী, 30 ডিচেম্বৰ: নৱবৰ্ষক আদৰাৰ নামত যাতে কোনো লোকে গুৱাহাটীত(31st night celebration in Guwahati) নিয়ম ভংগ কৰিব নোৱাৰে তাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন যথেষ্ট কঠোৰ হৈছে । বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত উপায়ুক্ত পল্লৱ গোপাল ঝাই এই কথা সদৰি কৰে । তেওঁ কয় যে, ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত প্ৰশাসনৰ প্ৰায় সকলো বিষয়া জিলাখনৰ নিৰীক্ষণ কাৰ্যত নিয়োজিত থাকিব ।

ইতিমধ্যে মদ্যপান কৰি কোনো চালকে যাতে গাড়ী চলাব নোৱাৰে, তাৰ পৰীক্ষা তীব্ৰতৰ কৰাৰ বাবে কেবাটাও ‘ইনহেলাৰ এনালাইজাৰ’ জিলাখনত সংযোজন কৰা হৈছে । যোৱা দুদিনত গুৱাহাটীত মদ্যপান কৰি গাড়ী চলোৱা ৪০০ জন চালকক জৰিমণা বিহা হৈছে । ইয়াৰোপৰি একোজনকৈ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ঠাইত চলা নৱবৰ্ষৰ অনুষ্ঠান তথা বাৰ-হোটেলসমূহ পৰ্যবেক্ষণ কৰিব পৰাকৈ একোটাকৈ নিৰীক্ষণকাৰী দল গঠন কৰি দিয়া হৈছে । এই নীৰিক্ষণকাৰী দলসমূহ বিভিন্ন ঠাইৰ তদাৰকৰ দায়িত্বত থাকিব(Guideline for 31st celebration) ।

নৱবৰ্ষক আদৰোতে সাৱধান হওক

উপায়ুক্তগৰাকীয়ে লগতে কয় যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমতি লৈহে বাৰ-হোটেলসমূহত সাধাৰণ পাৰ্টী আয়োজন কৰিব পাৰিব । নিশালৈ কোনেও ৰাজহুৱা ঠাইত পাৰ্টী কৰিব নোৱাৰে । আনহাতে, বনভোজৰ দলৰ চালকসকলকো ভালদৰে নীৰিক্ষণ কৰা হ’ব। তাৰ বাবে প্ৰশাসনে বনভোজৰ বাবে গুৱাহাটীত প্ৰৱেশ কৰা সকলো দলক নিৰীক্ষণ কৰিব । একেদৰে নিৰীক্ষণ কৰা হ’ব অলা, উবেৰ আদিৰ চালকসকলক বুলি তেওঁ জনায় ।

লগতে পঢ়ক: গোলাঘাট আৰক্ষীয়ে আইন উলংঘনকাৰীক জনালে সম্বৰ্ধনা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.